কেতিয়াবা কিছুমান বিজ্ঞাপনত দেখা যায় প্ৰডাক্টটোৰ কাষত ফোন নম্বৰ এটা দিয়া থাকে আৰু কাষতে লিখা থাকে টোলফ্ৰী নম্বৰ। কোম্পানীসমূহৰ কাষ্টমাৰ কেয়াৰতো টোলফ্ৰী নম্বৰ থাকে৷ সৰ্বসাধাৰণ মানুহেও বুজি পায় যে টোলফ্ৰী নম্বৰ মানে হ’ল এই সেই নম্বৰত ফোন কৰিলে ফোনৰ বেলেঞ্চৰ পৰা পইচা কাট নাখায়। সাধাৰণ ৰাইজ টোল’ শব্দটোৰ লগত প্ৰথমে এনেদৰেই চিনাকি হৈছিল৷ টোল মানে হ’ল কৰ৷ কিন্তু লাহে লাহে অসমত টোলগেট (TollGate) নামৰ এটা শব্দই গা কৰি উঠিছে৷ টোলগেটৰ সৈতে অসমৰ ৰাইজৰ অধিকাংশই নতুনকৈ পৰিচয় হ’ল, যদিওবা টোলগেটৰ ধাৰণা অসমত নতুন নহয়৷ সমগ্ৰ অসমতে বৰ্তমান ব্যাপক চৰ্চা লাভ কৰা আৰু বিগত কিছুদিন ধৰি বাতৰি কাকত বা ইলেক্ট্ৰনিক মিডিয়াৰ মূখ্য শিৰোনাম দখল কৰি থকা এক বিষয় হৈছে ৰহাৰ টোলগেট৷ ৰহাৰ টোলগেট খুলিবলৈ দিয়া হ’ব নে নহয় সেয়া সাম্প্ৰতিক সময়ত লাখটকীয়া প্ৰশ্ন হৈ ধৰা দিছে৷ কিন্তু কি এই টোলগেট? ৰহাৰ টোলগেটকলৈ কিয় হৈছে ইমান হৈ চৈ ? ৰহাৰ বাদে অসমৰ আৰু ক'ত ক'ত টোলগেট আছে? কিয় চৰকাৰে টোলগেট খুলিবলৈ উঠিপৰি লাগিছে আৰু দল-সংগঠন তথা স্থানীয় ৰাইজে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে? আহকচোন জানো টোলগেটৰ সৈতে সম্পৰ্কিত কিছুমান কথা।

টোলগেট কি?

যাত্ৰাপথত থকা টোলগেট হ’ল এনে এখন গেট য’ত নিৰ্দ্ধাৰিত মূল্য দিহে আপুনি পাৰ হ’ব পাৰিব৷ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ ( National Highways Authority of India) চমুকৈ NHAI ৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহৰ নিৰ্মাণৰ দায়িত্ব সাধাৰণতে ৰাজহুৱা খণ্ড বা ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানসমূহক অৰ্পণ কৰা হয়। নিৰ্মাণ কৰা পথ আৰু পথৰ লগতে থকা দলং বা উৰণীয়া সেতুৰ ৭৫% সম্পূৰ্ণ হোৱাৰ পিছতে চৰকাৰে উক্ত নিৰ্মাতা প্ৰতিষ্ঠান সমূহক, পথ নিৰ্মাণত হোৱা খৰছখিনি আদায় কৰিবলৈ টোলগেটৰ অনুমতি দিয়ে। বিভাগীয় অনুমতি পোৱাৰ পিছত চৰকাৰে বান্ধি দিয়া নিৰিখ অনুসাৰে টোলগেট এজেঞ্চীয়ে সেই পথেৰে পাৰ হৈ যোৱা যান বাহন সমূহৰ পৰা ধন আদায় লয়। যাক এক অৰ্থত ক’ব পাৰি পথকৰ বুলি। এই পথকৰৰ জৰিয়তে টোলগেট এজেঞ্চীটোৱে সেই পথছোৱাৰ চোৱা-চিতা বা মেৰামতিৰ দায়িত্ব পালন কৰে। চৰকাৰী ভাৱে স্বীকৃত নিৰ্মাণত ব্যয় হোৱা খৰছ সম্পূৰ্ণ আদায় হোৱাৰ পিছত সেইছোৱা পথৰ অধিকাৰ টোলগেট এজেঞ্চীটোৰ পৰা চৰকাৰৰ হাতলৈ যায়। পিছত চৰকাৰেও পথৰ মেৰামতি বা পুনৰ নিৰ্মাণৰ বাবে নিৰ্ধাৰিত সময়ৰ বাবে আকৌ টোলগেট বহুৱাব পাৰে। টোলগেট বহুৱাৰ প্ৰথম চৰ্তটো হ’ল য’ত টোলগেট স্থাপন কৰা হ’ব সেই পথছোৱা সম্পূৰ্ণৰূপে সুচল অৱস্থাৰ আৰু সকলোখিনি উপযুক্ত সা-সুবিধা উপলব্ধ হ’ব লাগিব।

টোলগেটত ফিজ দিয়া বা লোৱাৰ নিয়মঃ

♦ টোলগেট এজেঞ্চীয়ে এখন নিৰিখ তালিকা, এজেঞ্চীটোৰ নাম আৰু ফোন নম্বৰ সকলোৱে দেখাকৈ আঁৰি থব লাগিব।
♦ আকাৰ অনুযায়ী প্ৰত্যেক বাহনৰ বাবে টোলফিজ বেলেগ বেলেগ হ’ব আৰু সেয়া ডাঙৰ আৰু স্পষ্টকৈ নিৰিখ তালিকাত উল্লেখ থাকিব লাগিব৷  
♦ প্ৰত্যেক বাহনেই নিৰিখ অনুযায়ী টোলফিজ দিয়াতো বাধ্যতামূলক৷
♦ প্ৰয়োজনত কোনোৱে চাব বিছাৰিলে টোলগেট এজেঞ্চীয়ে তেঁওলোকৰ অনুজ্ঞাপত্ৰ বা আন নথিপত্ৰ দেখুৱাব পাৰিব লাগিব।
♦ এখন গাড়ীয়ে এবাৰ টোলগেটত পইছা দিয়াৰ পিছত তেঁও ৮০কিঃমিঃ দুৰত্ব অতিক্ৰম কৰিব পাৰিব।
♦ যদি এখন গাড়ীয়ে এদিনত এবাৰতকৈ বেছি সেই পথটোৰে অহা-যোৱা কৰে, তেন্তে তেঁও এবাৰৰ সম্পূৰ্ণ পইছা আৰু এবাৰৰ আধা পইছা দিলেই হ’ব । উদাহৰণ স্বৰূপে, যদি গাড়ীখনৰ ফিজ এবাৰত ৪০টকা হয়, তেন্তে তেঁও ৪০+২০=৬০ টকা দিলেই দিনটোত সেই পথেৰে এবাৰতকৈ বেছি অহা-যোৱা কৰিব পাৰিব। (কিন্তু তেঁও এই কথাখিনি প্ৰথমবাৰতে টোলগেট এজেঞ্চীক অৱগত কৰি ৰছিদ লব লাগিব।)
♦ যদিহে গাড়ীখনে সঘনাই সেই পথটোত অহা-যোৱা কৰি থাকে, তেন্তে তেঁও টোলগেট এজেঞ্চীৰ পৰা এখন মাহিলী ৰছিদ বনাই লব পাৰিব। 
♦ আকৌ যদিহে কোনোবাই চৰকাৰে ধাৰ্য্য কৰা টোল ফিজ দিবলৈ অমান্তি হয়, তেন্তে টোলগেট এজেঞ্চীয়ে উক্ত গাড়ীখনত অনা যিকোনো বস্তু ৰাখি থব পাৰিব। আৰু যদিহে নিৰ্ধাৰিত সময়তো উক্ত গাড়ীখনৰ ব্যৱহাৰকাৰীয়ে টোলফিজ আদায় নিদিয়ে তেন্তে এজেঞ্চীয়ে ৰাখি থোৱা বস্তুটো নিলাম কৰি সেই ধন আদায় কৰি ল’ব পাৰিব।

টোলগেটত পইছা দিয়াৰ পৰা কোনে ৰেহাই পাবঃ

♦ VIPৰ চিহ্ন থকা গাড়ীসমূহৰ পৰা টোলগেটত পইছা লব নোৱাৰে।  যেনে- ৰাষ্ট্ৰপতি বা উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল, লোকসভা বা বিধানসভাৰ অধ্যক্ষ আৰু মুখপত্ৰ সমূহ, কেন্দ্ৰীয় বা ৰাজ্যিক মন্ত্ৰী, লোকসভা, ৰাজ্যসভা বা ৰাজ্যিক বিধানসভাৰ প্ৰধান বিৰোধী দলৰ নেতা, লোকসভা বা বিধানসভাৰ সদস্যসমূহ (কিন্তু তেওঁলোকৰ নিজৰ সমষ্টিৰ ভিতৰত), বিদেশী অফিচিয়েল সমূহৰ সদস্য আৰু ৰাষ্ট্ৰদূত সমূহৰ গাড়ীৰ পৰা টোলগেটত পইছা ল’ব নোৱাৰে।

♦ সৈন্য বাহিনীৰ গাড়ী, দায়িত্বত থকা আৰক্ষীৰ গাড়ী, অগ্নি-নিৰ্বাপক বাহিনীৰ গাড়ী, এম্বুলেঞ্চ, শৱ কঢ়িওৱা গাড়ী, চৰকাৰী ডাক বাহন সমূহৰ পৰা টোলগেটত পইছা ল’ব নোৱাৰে।

টোলগেটত পইছা দিয়াৰ পৰা আপুনিও ৰেহাই পাব পাৰেঃ

♦  আপুনি যদিহে এজন সাধাৰণ নাগৰিক তেন্তে এই পইণ্টটোত অধিক মন দিয়ক। কিয়নো ভিআইপি, ভিভিআইপিসকলৰে নহয়, আপোনাৰো আছে সময়ৰ মূল্য। সময়ৰ মূল্যৰ বাবেই টোলগেটত পইছা দিয়াৰ পৰা আপুনিও ৰেহাই পাব পাৰে৷ NHAIয়ে জাৰি কৰা নিয়ম অনুসৰি টোলগেটত যিকোনো বাহনে তিনি মিনিটতকৈ অধিক সময় ৰ’বলগীয়া হ’লে সেই বাহনখনে ফিজ নিদিয়াকৈয়ে টোলগেট পাৰ হ’ব পাৰিব৷ মানুহৰ সময়ৰ প্ৰতি মূল্য ৰাখিয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে  NHAI-য়ে৷ 

অসমত থকা টোলগেটকেইখন:

NHAIৰ তথ্য মতে অসমত মুঠ ৬টা স্থানত টোলগেট আছে। ৰহাৰ টোলগেট স্থাপনৰ আগলৈকে কলীয়া ভোমোৰা আৰু গংগাধৰ দলঙত টোল সংগ্ৰহ কৰি থকা হৈছিল যদিও কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেবাটাও দল-সংগঠনৰ প্ৰতিবাদৰ পিছত কৰ্তৃপক্ষই টোলগেটকেইখন বন্ধ কৰি দিয়ে। তলত অসমত স্থাপন কৰা টোলগেটকেইখনৰ সবিশেষ উল্লেখ কৰা হৈছে। সৰ্বাধিক টোলগেট আছে মধ্য অসমত। সৌভাগ্যৰ কথা এয়ে যে নামনি অসমত দুখন টোলগেট থকাৰ বাদে উজনি অসম আৰু উত্তৰ অসমত এতিয়ালৈকে টোলগেট স্থাপন কৰা হোৱা নাই।

টোলগেট    ৰাষ্ট্ৰীয় ঘাইপথ টোল প্লাজা লোকেশ্বন ছেকছন অৱ হাইৱে
ডবকা    ৩৬ ১৫.৬৫২ কিঃমি  নগাঁও-ডবকা-উদালী
ধলাপাৰা   ৩১       ৯৭১.২০০ কিঃমি  ৰাখালাডবি-কহৰা
গংগাধৰ দলং ৩১ ৮৪১.০০০ কিঃমি গংগাধৰ ব্ৰীজ
কলীয়া ভোমোৰা ৩৭ এ ৭.১০০ কিঃমি কলীয়া ভোমোৰা দলং
নাজিৰা খাট   ৩৭   ১৭৯.৬০০ কিঃমি নগাঁও-ডবকা-উদালী
ৰহা    ৩৭ ২৫৪.৫১৪ কিঃমি নগাঁও-গুৱাহাটী

                            
ভাৰতৰ প্ৰথম টোলগেট

NHAI ৰ তথ্য অনুযায়ী দেশত বৰ্তমান টোলগেটৰ সংখ্যা হৈছে ৩৭৪টা। কথা হ'ল ভাৰতৰ প্ৰথমটো টোলগেট ক'ত কেতিয়া মুকলি কৰা হৈছিল? ইয়াৰ উত্তৰত ক'ব লাগিব যে, মধ্য প্ৰদেশৰ ইন্দোৰ-পিথমপুৰ টোলগেটেই হ’ল ভাৰতৰ প্ৰথমটো টোলগেট৷ এই টোলগেটখন মুকলি কৰা হৈছিল ১৯৯৫ চনৰ ৩১ মাৰ্চত৷ আনহাতে, ভাৰতৰ প্ৰথম ইলেকট্ৰনিক টোল সংগ্ৰহ পদ্ধতি মুকলি কৰা হৈছে আহমেদাবাদ-মুম্বাই হাইৱেত৷ 

ইলেক্ট্ৰনিক বা ডিজিটেল টোলগেটঃ

টোলগেটত ধন আদায় দিওতে গাড়ীসমূহৰ দীঘলীয়া শাৰী লাগে। ফলত যাত্ৰীসকলৰ যথেষ্ট সময় ব্যয় হয়। এনে বিৰক্তিকৰ পৰিৱেশৰ পৰা হাত সাৰিবলৈ বিশ্বৰ উন্নত দেশসমূহে টোলগেটত ডিজিটেল টোল সংগ্ৰহ পদ্ধতি ব্যৱহাৰ কৰি আহিছে। এই ডিজিটেল টল সংগ্ৰহ পদ্ধতিটো হৈছে FASTag। ৰেডিঅ ফ্ৰিকুৱেন্সী আইডেণ্টিফিকেশ্যন প্ৰযুক্তিৰ সহায়ত টল সংগ্ৰহ কৰা FASTag পদ্ধতি ভাৰতত প্ৰথম মুকলি কৰা হয় ২০১৪ চনত আহমেদাবাদ-মুম্বাই সংযোগী পথত। ২০১৭ চনৰ ১ অক্টোবৰত NHAI-এ ৩৭০ টা টোলগেটত FASTag সংলগ্ন কৰে। একেটা বৰ্ষৰে ৮ নৱেম্বৰত নতুনকৈ বিক্ৰী কৰা সকলো বাহনতে ৰেডিঅ ফ্ৰিকুৱেন্সী আইডেণ্টিফিকেশ্যন প্ৰযুক্তি সংলগ্ন কৰাতো বাধ্যতামূলক কৰিবলৈ গাড়ী নিৰ্মাতা প্ৰতিষ্ঠানসমূহলৈ নিৰ্দেশনা জাৰি কৰা হয়। 

এই প্ৰযুক্তি অনুযায়ী গাড়ীৰ উইন্ডস্ক্ৰীণত প্ৰিপেইড FASTag লগোৱা হয় আৰু সেয়া টোলগেটত থকা স্কেনাৰে ৰীড কৰিব পাৰে। ফলত গাড়ীখনে টোলগেটত ৰৈ ধন আদায় দিয়াৰ প্ৰয়োজন নাথাকে। গাড়ীৰ গৰাকীসকলে FASTag স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ক্ৰয় কৰি লগাব পাৰে। চলিত বৰ্ষৰ আৰম্ভণিতে IOC, BPCL আৰু HPCL-এ তেওঁলোকৰ অধীনস্থ পেট্ৰল পাম্পসমূহত এই FASTag বিক্ৰীৰ ব্যৱস্থা কৰিবলৈ এক চুক্তিতো স্বাক্ষৰ কৰিছে।

এক পৰিসংখ্যা অনুযায়ী টোলগেটত গাড়ীসমূহ দীঘলীয়া শাৰী পাতি ৰৈ থকাৰ ফলত প্ৰতিবছৰে ভাৰতীয় অৰ্থনীতিয়ে ৬০ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হ'বলগীয়াত পৰে। সেয়ে ডিজিটেল টোলগেট ব্যৱস্থাৰ ১০০ শতাংশ প্ৰয়োগত অধিক গুৰুত্ব আৰোপ কৰিছে NHAI-এ।

টোলগেট কিমান জনপ্ৰিয়

কোনেও ধন বিনা কাৰণত খৰছ কৰিব নিবিচাৰে। বিশেষকৈ ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহত। সেয়ে টোলগেটত ধন আদায় দি গাড়ী চলোৱাতকৈ অধিকাংশ লোকে আন লিংকড ৰোডৰ সহায় লয়। শেহতীয়া তথ্য অনুযায়ী ২০১৮-১৯ বিত্তীয় বৰ্ষত টোলগেটৰ পৰা সংগ্ৰহ কৰা ধনৰ পৰিমাণ পূৰ্বৰ তুলনাত অতিকমেও ৫ শতাংশ হ্ৰাস পাইছে। টোলগেটৰ জৰিয়তে লাভ কৰা ৰাজহৰ পৰিমাণ হ্ৰাসেই স্পষ্ট কৰি তোলে যে ভাৰতত টোলগেট কিমান জনপ্ৰিয়। 

ৰহাৰ টোলগেটঃ

সাম্প্ৰতিক সময়ত ৰহাৰ টোলগেট বিতৰ্কই সংবাদ শিৰোনামত উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে। সময়ে সময়ে ৰহাৰ টোলগেট বিতৰ্কই হিংসাত্মক ৰূপো ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে।  উল্লেখ্য যে ২০১৫ চনৰ ১৬ এপ্ৰিলত প্ৰথম বাৰৰ বাবে ৰহাৰ টোলগেট মুকলি কৰা হৈছিল যদিও ২৯টাকৈ সংগঠনৰ প্ৰতিবাদত প্ৰশাসনে টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল। কিন্তু ২০১৮ চনৰ ১২ জুলাইত সংগঠনসমূহৰ প্ৰতিবাদ নেওচি প্ৰশাসনে পুনৰ ৰহাৰ টোলগেট মুকলি কৰিছিল। সেইবাৰো কৃষক মুক্তিৰ নেতা অখিল গগৈৰ নেতৃত্বত এজেৱাইচিপিকে ধৰি সংগঠনৰ তীব্ৰ আন্দোলনত টোলগেট বন্ধ কৰিবলৈ বাধ্য হৈছিল প্ৰশাসন। কিন্তু আকৌ টোলগেট মুকলি কৰাৰ প্ৰসংগ উত্থাপন হোৱাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰহাত। নগাঁৱৰ ৰাষ্ট্ৰীয় ঘাই পথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ ৰহা টোলগেট আৰম্ভ কৰা চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰকাশিত বাতৰি মতে ২০১৮ চনত পুনৰ টোলগেট মুকলি কৰাৰ পূৰ্বে ৰহা টোলগেটৰ দায়িত্ব অৰ্পণ কৰা হৈছিল ইন্দ্ৰদীপ কনষ্ট্ৰাকশ্যন নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানক। চুক্তি অনুযায়ী এই প্ৰতিষ্ঠানটোৱে সেই সময়ত NHAI-ক প্ৰতিদিনে আদায় দিবলগীয়া ধনৰ পৰিমাণ আছিল ১০.৫৯ লাখ টকা। 

ৰহাৰ টোলগেট বিতৰ্কঃ

১)  নেশ্যনেল হাইৱে ফী কালেকশ্যন ৰুলছ-২০০৮ মতে ৰহাৰ টোলগেটক সম্পূৰ্ণৰূপে বে-আইনী আখ্যা দি চাৰিলেনযুক্ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰহাত প্রস্তাৱিত টোলগেট বন্ধ ৰাখিবলৈ দাবী জনাই আহিছে কৃষক মুক্তি সংগ্রাম সমিতিয়ে।বিপৰীতে NHAI-এ  নেশ্যনেল হাইৱে এক্ট-১৯৫৬ৰ ৯নং ধাৰামতে ৰহাৰ টোলগেট সম্পূৰ্ণৰূপে বৈধ বুলি দাবী কৰি আহিছে। এনে যুক্তি-যুদ্ধৰ মাজতে ২০১৫ চনৰ ৩০ এপ্রিলত কৃষক মুক্তি সংগ্রাম সমিতিৰ তেতিয়াৰ সভাপতি অখিল গগৈৰ নেতৃত্বত হােৱা প্রবল প্রতিবাদৰ বাবে ৰাজ্য চৰকাৰে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ৰহাৰ টোলগেটখন বন্ধ কৰি দিবলৈ বাধ্য হৈ পৰে। 

২)  ২০১৫ চনৰ পৰা বৰ্তমানলৈকে ৰাষ্ট্ৰীয় ঘাইপথটো নতুনকৈ নির্মাণ নকৰাৰ লগতে ৰাস্তাৰ কাম সম্পূর্ণ নােহােৱাকৈ বৰ্তমানৰ চৰকাৰখনে ৰহাৰ টোলগেট বহুৱাবলৈ উঠিপৰি লাগিছে। 

৩) সােণাপুৰৰ পৰা ৰহাৰ পথচোৱাত ৰহাৰ টোলগেট মুকলি কৰি পথকৰ লােৱাৰ সিদ্ধান্ত লোৱা হৈছে কিন্তু সেই পথচোৱা বাৰিষাকালত বৰষুণ দিলে ব্যৱহাৰ অনুপযােগী হােৱাৰ লগতে অত্যন্ত ভয়ংকৰ হৈ উঠে। 

৪) চাৰিলেনযুক্ত পথচোৱাৰ দুয়ােপাৰে বৰষুণ দিলেই পানী জমা হয় আৰু পথচোৱা যাতায়তৰ অনুপযােগী হৈ পৰে। বৰষুণৰ সময়ত সেই পথচোৱাত গাড়ী চলালে ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। এনে দুর্ঘটনাৰ ফলত ইতিমধ্যে কেইবাজনাে লােকে প্রাণ হেৰুৱাইছে। পথত জমা হােৱা পানী ওলাই যাবৰ বাবে উপযুক্ত নলা-নৰ্দমাৰ ব্যৱস্থা নকৰাৰ বাবেই এনেকৈ পথচোৱা যাতায়তৰ বাবে বিপদগ্রস্ত হৈ পৰে। গতিকে জমা হােৱা পানী ওলাই যােৱাৰ উপযুক্ত ব্যৱস্থা নকৰা পর্যন্ত কোনােপধ্যে টোলগেট স্থাপন কৰি পথকৰ নল’বলৈ দাবী জনােৱা হৈছে।

৫) পথচোৱাৰ দুয়ােপাৰে উপযুক্ত ধৰণে পুল বা দলং নির্মাণ নকৰাৰ কাৰণে দুয়ােপাৰে থকা পাহাৰৰ পৰা পানী, মাটি, শিল-বালি আদি নামি আহি যাতায়তত সঘনে ব্যাঘাত জন্মায়। যেতিয়ালৈকে পথচোৱাৰ নিৰ্মাণৰ এই ত্রুটিসমূহ দূৰ কৰা নহয় তেতিয়ালৈকে NHAI-ই ৰহাত টোলগেট বহুৱাৰ কোনাে অধিকাৰ নাই বুলি বিভিন্ন দল সংগঠনে হুংকাৰ দিছে।

৬) টোলগেট বহুৱাবলৈ হ’লে ৰাষ্ট্ৰীয় ঘাইপথটোৰ ডিভাইদাৰত  বৃক্ষ থকাটো প্ৰয়োজনীয়। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথটোৰ এইচোৱা অংশত ডিভাইদাৰত এতিয়ালৈকে বৃক্ষ ৰােপণ কৰা হােৱা নাই। ডিভাইদাৰৰ মাজত বৃক্ষ ৰােপণ নকৰাৰ বাবে বিপৰীত মুখী গাড়ীৰ লাইটৰ পােহৰে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। টোলগেট বহুৱাব খােজা পথটোত ৮০ শতাংশতকৈয়াে অধিক এলেকাত এতিয়ালৈকে ডিভাইদাৰৰ মাজত গছ পুলি ৰােপণ কৰা হােৱা নাই। এনে অসম্পূর্ণ পথত টোলগেট বহুৱাতো এক অপৰাধ। 

৭) ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুয়ােপাৰে নিৰাপত্তাজনিত যিবােৰ তীখাৰ বেৰ তৈয়াৰ কৰিব লাগে তেনেধৰণৰ ৰেলিং এতিয়াও বহুৱা হােৱা নাই৷ 

৮) সেইদৰে এই পথচোৱা পথযাত্রীৰ সুবিধা হােৱাকৈ নিৰ্মাণ কৰিবলগীয়া ৰাজহুৱা সা-সুবিধাবােৰৰাে ব্যৱস্থা কৰা হােৱা নাই। বাচ, ট্রাকৰ বাবে ঠায়ে ঠায়ে টার্মিনাছ নির্মাণ কৰা হোৱা নাই।  শৌচাগাৰ, প্ৰস্ৰাৱগাৰৰো সুব্যৱস্থা নাই৷  সেইদৰে পথটোত চিচি টিভি কেমেৰা স্থাপন কৰা হােৱা নাই আৰু এম্বুলেন্সৰাে ব্যৱস্থা কৰা হােৱা নাই। এইবােৰ জনকল্যাণমূলক কাম নকৰাকৈ কোনােপধ্যে এটা ৰাষ্ট্ৰীয় ঘাইপথত টোলগেট বহুৱাব নােৱাৰে।

৯) ৰহাত টোলগেট বহুৱালে মূল্যবৃদ্ধি হোৱাৰ লগতে বাছ আদি অন্যান্য বাহনসমূহৰ ভাড়া বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে। 

১০) অর্ধ নির্মিত পথৰ ওপৰত টোলগেট বহুৱাই গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰা বন্ধ কৰিবলৈ বদ্ধপৰিকৰ কৃষক মুক্তি সংগ্রাম সমিতি।

১১) উল্লেখযোগ্য যে নগৰৰ পৰা ৫-১০ কিলোমিটাৰ দূৰত্বতহে টোলগেট বহুৱাব পাৰে কিন্তু ৰহাত ২ কিলোমিটাৰ দূৰত্বৰ ভিতৰতে টোলগেট বহুৱাত এয়া অবৈধ টোলগেট হিচাপে বিবেচিত হৈছে।

১২) উজনি অসমত ৰাষ্ট্ৰীয় ঘাইপথৰ ফোৰলেনৰ কাম সম্পূৰ্ণ হবলৈ এতিয়াও বহু বাকী। তেনেক্ষেত্ৰত এক দীঘলীয়া দূৰত্ব বেয়াপথেৰে আহি নগাঁৱৰ পৰা গুৱাহাটীলৈ  মাত্ৰ ১০০ কিলোমিটাৰৰ আৰামদায়ক যাত্ৰাৰ বাবে ১০০-২০০ টকা আদায় দিয়াৰ পূৰ্বে দহবাৰ ভাবি চাবলৈ বাধ্য হৈ পৰে বাহনৰ গৰাকী তথা চালকসকল। 

অসমত আকৌ আৰম্ভ হ'ব নেকি টোলগেট?

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ এনএইছএআই কেবাশ কোটিৰ ধাৰত ডুব যোৱাত এক প্ৰকাৰ অস্বস্তিকৰ পৰিৱেশৰ সন্মুখীন হৈছে দ্ৰুত পথ উন্নয়নৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰ। সেয়ে এতিয়া দেশৰ ভিন্ন প্ৰান্তত নতুনকৈ টোলগেট স্থাপনৰ লগতে বন্ধ হৈ থকা টোলগেটসমূহ পুনৰ আৰম্ভ কৰিবলৈ যো-জা চলাইছে চৰকাৰে। খবৰ অনুযায়ী যোৱা ছেপ্টেম্বৰ মাহতে কেন্দ্ৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা অসমত টোলগেট থকা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ শীঘ্ৰে টোলগেটসমূহ মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল। পত্ৰত সকলো বাধা নেওচি টোলগেট মুকলিৰ ব্যৱস্থা কৰিবলৈ স্পষ্টকৈ কোৱা হৈছে বুলি এক সূত্ৰই News Next Oneক জানিবলৈ দিছে। 

ইয়াৰ পূৰ্বে ২০১৮ চনৰ জুলাই মাহতো উত্তৰ-পূবৰ দায়িত্বত থকা NHAI-ৰ মুখ্য মহা প্ৰৱন্ধক আৰ পি সিঙে ৰাজ্য চৰকাৰক টোলগেট মুকলি কৰাৰ ক্ষেত্ৰত থকা বাধা আতৰাবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰিছিল। ঋণগ্ৰস্ত হৈ পৰাৰ পিছত এতিয়া যিকোনো প্ৰকাৰে টোলগেট মুকলি কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে চৰকাৰী সংস্থাটোৱে। এই প্ৰচেষ্টাৰ অংশ হিচাপেই পুনৰ বাৰ পত্ৰ প্ৰেৰণ কৰিছে বুলি অনুমান কৰা হৈছে। তালৈ চাই ৰহাকে ধৰি অসমৰ আটাইকেইখন টোলগেট অচিৰেই যে মুকলি হৈ পৰিব সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। 

সূত্ৰটোৰ মতে, ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশৰ পিছত উদ্ভৱ হ'ব পৰা আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে টোলগেটৰ বিষয়টোক লৈ ইমানদিনে নীৰৱ হৈ আছিল। ৩১ আগষ্টত চূড়ান্ত খচৰা সুকলমে প্ৰকাশ হৈ যোৱাৰ পিছত চৰকাৰে অচিৰেই টোলগেট মুকলি কৰিবলৈ তৎপৰ হৈ পৰিছে। আনহাতে, দিনদিয়েক পূৰ্বে নতুন দিল্লীত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে আলোচনাত মিলিত হোৱাটোৱেও বিশেষ তাৎপৰ্য বহন কৰিছে।

উল্লেখ্য যে টোলগেটৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। সম্প্ৰতি অখিল গগৈকে আদি কৰি সংগঠনটোৰ কেবাগৰাকী নেতা জেলত থকাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি টোলগেট মুকলি কৰিবৰ বাবে চৰকাৰে সকলো ব্যৱস্থা কৰি তোলা পৰিলক্ষিত হৈছে।

শেষত ইয়াকে ক'ব পাৰি যে টোলগেট মুকলি কৰাক লৈ জনসাধাৰণৰ আপত্তি নাই৷ আপত্তি তেতিয়ালৈকে আছে যেতিয়ালৈকে ৰাষ্ট্ৰীয় ঘাইপথটো ক্ৰটিমুক্ত নহয়৷ সকলোবোৰ দিশ সঠিক ৰূপত গঢ়ি তুলিলে চৰকাৰীভাৱে স্বীকৃত টোলগেটৰ কোনেও বিৰোধিতা নকৰে আৰু টোলগেটত সঠিক মূল্য দি পথ অতিক্ৰম কৰাটো সকলোৱে নিজৰ দায়িত্ব বুলি গ্ৰহণ কৰাৰ সম্ভাৱনাই অধিক।


বাতৰিটো পঢ়ি কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ বন্ধু-বৰ্গয়ো যাতে পঢ়িব পাৰে তাৰ বাবে Share কৰক। স্বতন্ত্ৰ আৰু মুক্ত হৈ থাকিবলৈ আমাক প্ৰয়োজন আপোনাৰ সহায়ৰ। আমাক সহায় কৰিবলৈ Click কৰক ► Support Us