ডিজিটেল ডেস্কঃ শিয়ালবাগী দি বহুদিন পলাবলৈ সক্ষম হ'লেও শেষত নিহত হ'ল আবু দুজানা। কুখ্যাত সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ঈ-তৈবাৰ মষ্ট ৱাণ্টে়ড কমাণ্ডাৰ দুজানাক নিধন কৰিলে সেনাই।

কাশ্মীৰৰ পুলৱামাত সন্ত্ৰাসবাদী নিধনৰ পিছত এই সম্পৰ্কত বহু তথ্য সদৰী কৰিছে সেনাই। অভ্যন্তৰীণ সূত্ৰৰ সম্ভেদ অনুসৰি দুজানা আছিল অতি নাৰীলোভী।

লস্কৰৰ কমাণ্ডাৰ আবু দুজানা কুখ্যাত আছিল সম্ভোগপ্ৰিয় হিচাপে। সন্ত্ৰাসবাদীটোৰ লম্পট চৰিত্ৰৰ কথা জানিছিল সতীৰ্থই। চৰিত্ৰহীন দুজানাই প্ৰায়ে ৰাত্ৰিযাপন কৰিছিল কাশ্মীৰৰ চিনাকি সুন্দৰীৰ ঘৰত।

এই বিষয়ে সম্ভেদো লাভ কৰিছিল সেনাই। কিন্তু পলাবলৈ সক্ষম হৈছিল দুজানা। আনহাতে পাকিস্তানী দুজানাৰ পত্নীৰ ঘৰ পুলৱামাত।

শেহতীয়াকৈ চোৰাংচোৱাই গোটোৱা খবৰ অনুসৰি পুলৱামাৰ ৰুকৰি গাঁৱৰ পত্নীৰ ঘৰত নিশা উপস্থিত হৈছিল দুজানা। খবৰ পাই পুৱতি নিশা ৩ বজাত ঘৰটো ঘেৰাও কৰে সেনাই। ৭ ঘণ্টীয়া অভিযানত নিহত হয় দুজানা।