ডিজিটেল ডেস্কঃ টোলগেটৰ জৰিয়তে সৰ্বসাধাৰণ ৰাইজক মাধমাৰ সোধাবলৈ পুনৰ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ৷ ০১ এপ্ৰিলৰ পৰা বৃদ্ধি হ’ব টোলগেটত দিবলগীয়া টকাৰ পৰিমাণ৷ NHAI-এ টোলগেটৰ ভাড়া বৃদ্ধি কৰি ৫ ৰ পৰা ৭ শতাংশ কৰিব৷
ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণৰ প্ৰকল্প সঞ্চালক মহম্মদ আচিফে সমগ্ৰ দেশত ৩৭২টা টোল প্লাজা থকা বুলি কৈ প্ৰত্যেক বিত্তিয় বৰ্ষত ভাড়াৰ বৃদ্ধি কৰা হয় বুলি কয়৷ হোলচেল প্ৰাইচ ইণ্ডেক্সৰ অধিনত ভাড়াৰ পৰিৱৰ্তন কৰা হ’ব৷ সমগ্ৰ দেশতে একে ভাড়া কৰিব পাৰে ৰাষ্ট্রীয় ঘাই পথ প্ৰাধিকৰণ বুলিও কয় আচিফে৷