86
নলবাৰীঃ নভবাকৈয়ে সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰে নলবাৰী জিলাৰ টিহু জাতীয় বিদ্যালয়ৰ ছাত্ৰ পাৰ্থ প্ৰতীম ভূঞাই। সৰ্বমুঠ ৫৮৯ নম্বৰ লাভ কৰে পাৰ্থ প্ৰতীমে।
‘খবৰটো পোৱাৰ সময়ত মোৰ বিশ্বাস কৰিবলৈকে টান নাগিছিল। পৰীক্ষা ভালেই হৈছিল। কিন্তু কিমান ভাল হৈছিল সেয়া জনা নাছিলো। স্থান পাম বুলিও ভবা নাছিলো।’-এইদৰে কয় স্থান লাভ কৰি আনন্দিত হৈ পৰা পাৰ্থই।