newsnextone.com | মঙলদৈঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ হাপামাৰাত এগৰাকী সাংবাদিকক জোৱানে শাৰিৰীক-মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰে৷ লক্ষীমপুৰস্থিত এ পি আৰ কেম্পৰ এটা দলে হাপামাৰাত তালাচী চলাই থকাৰ সময়তে সাংবাদিকগৰাকী নিৰ্যাতনৰ বলি হ’ব লগ হয় বুলি অভিযোগ উত্থাপন হৈছে।
গুৱাহাটীস্থিত ব্যক্তিগত খণ্ডৰ নিউজ চেনেল এটাৰ স্থানীয় সাংবাদিক হাফিজুৰ ৰহমানে হেলমেট পৰিধান নকৰাকৈ ঘৰৰ পৰা ওলাই আহিছিল৷ সেই সময়তে বীৰেন বৰা নামৰ জোৱান এজনে তালাচী চলোৱাৰ নামত শাৰীৰিক ভাবে অপদস্থ কৰাৰ লগতে আৱদ্ধ কৰি ৰাখে সাংবাদিকগৰাকীক।