নাহৰকটীয়াঃ মাথো এজাক বৰষুণ আৰু একাঁঠু পানী৷ পৰিৱৰ্তনৰ ঢাক-ঢোল বজাই উন্নয়নৰ কথা কোৱা চৰকাৰৰ দিনত এনে ঘটনা ঘটি আছে চৌদিশে৷ মাথো এজাক বৰষুণতে ৰাস্তাৰ মাজত একাঁঠুলৈকে পানী জমা হৈ জনজীৱনত বাধাৰ সৃষ্টি কৰা এনে ঘটনা পৰিৱৰ্তনকামী চৰকাৰৰ দিনত সৰ্বত্ৰে উপলব্ধ৷
আজি এজাক চিপচিপিয়া বৰষুণৰ পাছতেই নাহৰকটীয়া টাউনৰ মূল পথত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত যাতায়তত অসুবিধাৰ সৃষ্টি হয়৷ নাহৰকটীয়া চিনেমা হলৰ সন্মুখত সাধাৰণ এজাক বৰষুণত ৰাস্তা পানীৰে পৰিপূৰ্ণ হৈ পথচাৰী যাব নোৱাৰা পৰিৱেশ হৈছে।