নগাঁওঃ শীতৰ আগমনৰ লগে লগে ৰাজ্য খনৰ বিভিন্ন ঠাইৰ বিল সমূহলৈ পৰিভ্ৰমী চলাইৰ আগমণ ঘটে৷ কিন্তু পৰিভ্ৰমি চৰাই সমূহক একাংশ লোকে মাংসৰ লোভত নতুবা বিক্ৰী কৰি ধন ঘটাৰ লোভত বিভিন্ন প্ৰকাৰে আৱদ্ধ কৰি বিকাৰী কৰে নতুবা ভক্ষণ কৰে৷ ৰাজ্যত বন সুৰক্ষা দিৱস পালন, মন্ত্ৰীয়ে বন্যপ্ৰাণী ৰক্ষণাবেক্ষণৰ ব্যৱস্থা হাতত লোৱা বুলি বৰ বৰ কথা কৈ অহাৰ সময়তে মৰিগাঁও আৰু নগাঁও জিলাৰ সীমান্তবৰ্তী কুঁজি বিলত অসাধু চক্ৰই অবাধে বনৰীয়া চৰাইৰ নিধন যজ্ঞ অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে৷
বটদ্ৰৱা সমষ্টিৰ শিলপুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কুঁজি বিললৈ প্ৰতি বছৰে আহিন-কাতি মাহৰ পৰা কাম চৰাই, পানী কাউৰী, শৰালি, ঢেঁকৰ, কোহা, বনৰীয়া ৰাজহাঁহকে প্ৰমুখ্য কৰি বিভিন্ন প্ৰকাৰৰ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে৷ আনকি আজিৰ পৰা তিনি বছৰমান আগলৈকে বিৰল প্ৰজাতিৰ শামুক ভঙা (একোটাৰ ওজন দুইৰ পৰা তিনি কিল’গ্ৰাম পৰ্যন্ত) চৰাইও এই বিলখনলৈ আহি আছিল যদিও একাংশ অত্যাচাৰী মানুহৰ বাবেই এনে চৰাই সম্প্ৰতি নহা হৈছে৷