ডিজিটেল ডেস্কঃ দেশৰ পৰ্যটন ক্ষেত্ৰই সুখবৰ কঢ়িয়াই আনিছে দেশবাসীৰ বাবে। দেশৰ ধণাঢ্য লোকে বিবাহ তথা নানান অনুষ্ঠান বিদ্শৰ মাটিত অনুষ্ঠিত কৰে যদিও শেহতীয়া খবৰ মতে বিদেশী পৰ্যটকৰ পছন্দৰ ঠাই হৈছে ভাৰত। দেশৰ একাংশ লোকে বিদেশৰ বিভিন্ন স্থানত ছুটিৰ দিনসমূহ অতিবাহিত কৰা দেখা যায়৷
তদুপৰি একাংশ চেলিব্ৰেটিয়ে আকৌ নিজৰ বিবাহকে আদি কৰি বিভিন্ন অনুষ্ঠান বিদেশত সম্পন্ন কৰাৰ সময়তে ভিন্ন দেশৰ বিদেশী পৰ্যটক সকলে আকৌ ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটন স্থলীসমূহক পছন্দৰ তালিকাত স্থান দিয়া পৰিলক্ষিত হৈছে৷