Home পৰ্য্যটনপৰ্যটনস্থলী হ’ব পাৰে গোৰেশ্বৰৰ ঐতিহাসিক ৰণিয়া পুখুৰী

পৰ্যটনস্থলী হ’ব পাৰে গোৰেশ্বৰৰ ঐতিহাসিক ৰণিয়া পুখুৰী

by News Desk
A+A-
Reset
pukh

গোৰেশ্বৰ: বাগসা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মহৰিপাৰা অঞ্চলৰ পুখুৰীপাৰ গাঁৱৰ ঐতিহাসিক ৰণিয়া পুখুৰী। ইতিহাস প্ৰসিদ্ধ গোহাঁই কমল আলিৰ পৰা মাথো ৩ কিলোমিটাৰ দক্ষিণে থকা গাওঁখন এটা সময়ত ঘন জংঘলেৰে আবৰা আছিল।

অঞ্চলটোলৈ ব্যৱসায় বাণিজ্যৰ বাবে সোঁত বৈছিল চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা। কালক্ৰমত ভূটীয়াসকলে ব্যৱসায় চলোৱাৰ লগতে অবাধ স্বেচ্ছাচাৰ চলাবলৈ আৰম্ভ কৰে ।প্ৰায় ১৩ শ শতিকাত সেইসময়ৰ কমতাপুৰৰ ৰজাৰ আমোলত এই সকল ভূটীয়াক নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে সৈন্য-সামন্ত নিয়োগ কৰাৰ লগতে সৈন্যসকলৰ পানীৰ ব্যৱস্থাৰ বাবে এটা প্ৰকাণ্ড পুখুৰী খন্দাইছিল। ৰণ দিয়াৰ উদ্দেশ্যে খন্দোৱাৰ বাবে পুখুৰীৰ নামাকৰণ ৰণিয়া পুখুৰী বা ৰণুৱা পুখুৰী বা ৰইনা পুখুৰী কৰা হয় বুলি জনা যায়।  আকৌ বহুতৰ মতে গোহাঁই কমল আলি নিৰ্মাণৰ সময়ত ৰজা নৰনাৰায়ণ দিনত শ্ৰমিক সকলৰ খোৱাপানীৰ সমস্যা দূৰ কৰাৰ বাবে খন্দোৱা হৈছিল বুলি জনৰৱ আছে। সি যি নহওঁক ৰণিয়া পুখুৰীৰ আছে এক ঐতিহাসিক গুৰুত্ব।
  
বাগসা জিলাৰ মহৰিপাৰাৰ পুখুৰীপাৰ ৰাজহ গাওঁত অৱস্থিত ৰণিয়া পুখুৰী কেৱল জিলাখনৰে নহয় সমগ্ৰ ৰাজ্যৰে এক ঐতিহাসিক সম্পদ হিচাপে পৰিগণিত হৈছে ।  মুঠ  ৩৭ বিঘা মাটিকালিৰ আয়তনৰ এই পুখুৰী টোক লৈ প্ৰচলিত আছে কেবাটাও লোকবিশ্বাস আৰু জনশ্ৰুতি। বিশাল পুখুৰীটোৰ সৈতে স্থানীয় লোকে দ্ৱ দেৱতাৰ সম্পৰ্ক থকা বুলি বিশ্বাস কৰে। বড়ো জনগোষ্ঠীৰ লোকসকলে আজিও ব’হাগৰ পূৰ্ণিমা তিথিত পুখুৰীৰ দক্ষিণ পূব কোণত থকা সৰু থান খনত ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰে পূজা আগবঢ়াই। ১৯৭৫ চন মানলৈ ওচৰৰ এঘৰত এখন ডাঙৰ কোৰ সংৰক্ষিত হৈ থকাৰ তথ্য পোৱা যায়। যিখন কোৰৰ আকাৰ এখন দুৱাৰৰ সমান আছিল। ৰইনা পুখুৰী খন্দোৱাৰ কামত সেইখন ব্যৱহাৰ কৰা হৈছিল বুলি প্ৰমাণ পোৱা যায়। অৱশ্যে সংৰক্ষণ অভাৱতে সেই সম্পদবিধ হেৰাই থাকে। ৰজাদিনীয়া কলহ, অন্য বাচন-বৰ্তন আদি ৰণিয়া পুখুৰীৰ পৰা উদ্ধাৰ কৰা হৈছে। এই সম্পদসমূহ কিন্তু সংৰক্ষণৰ উচিত ব্যৱস্থা আজিলৈ নহ’ল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0