গুৱাহাটীঃ পাকিস্তানৰ আশিসপুস্ত সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদে যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰৰ পুলোৱামত চি আৰ পি এফ বাহিনীৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাক তীব্ৰ নিন্দাকৰিছে অসম নাগৰিক সমাজে।
সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম নাগৰিক সমাজে পুলোৱাম-কাণ্ড সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰি কয়, পাকিস্তানৰ চোৰাংচোৱা সংন্থা আই এছ আইৰদ্বাৰা নিয়ন্ত্ৰিত জইছ-ই-মহম্মদ, লস্কৰ-ই-তৈবা, জামাত-উদ-দাৱাৰ দৰে সন্ত্ৰাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে সমগ্ৰ বিশ্ব ঐক্যবদ্ধভাৱে থিয় দিব লাগিব। সন্ত্ৰাসবাদীয়ে কেৱল ভাৰতৰ নিৰাপত্তা বাহিনী ওপৰত এই আক্ৰমণ কৰা নাই, পৰোক্ষভাৱে এই আক্ৰমণ কাশ্মীৰীৰ ওপৰত কৰা আক্ৰমণ আৰু এয়া হৈছে কাশ্মীৰবাসী জীৱনক পণ কৰি খেলা এক ক্ষমতাৰ খেল। নাগৰিক সমাজে এনেদৰে আভিহিত কৰি এই আক্ৰমণৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায়।