বোকাজানঃ কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ শিক্ষক সমাৰোহ অহা ৯ আৰু ১০ জানুৱাৰীত উদযাপন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলজ্ক্ষিত হৈছে৷ কাৰ্বি আংলং জিলাৰ বোকাজানত অনুষ্ঠিত হ’ব সমাৰোহ৷ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত দুদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে শিক্ষক সমাৰোহ উদযাপন কৰাৰ বাবে ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে৷
অভ্যৰ্থনা সমিতিয়ে দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি সমাৰোহৰ কাৰ্যসূচী ৰাজহুৱা কৰে৷ পাহাৰীয়া জিলা কাৰ্বি আংলংৰ অন্যতম শিক্ষক সন্থা কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ সমাৰোহৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ছিদ্দিক ৰহমান আৰু সম্পাদক ৰোহিত তাঁতীয়ে ৯ জানুৱাৰীত ১ বজাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিক্ষক প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ লগতে বিয়লি ২ বজাত প্ৰতিনিধিৰ শিবিৰ মুকলি কৰিব বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্যাণ চেতিয়াই বুলি কয়৷