খেৰণিঃ বিজেপি নেতৃত্বাধীন কাৰ্বি আংলং স্বায়ত্ত পৰিষদে কৃষি খণ্ডৰ উন্নয়ণৰ বাবে কাম কৰি যাব৷ এই লক্ষ্য সন্মুখত ৰাখি আগবাঢ়িছে পৰিষদ খনে৷ মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা নামেৰে ৰাজ্য চৰকাৰে কৃষকৰ বাবে ৰূপায়ণ কৰা আঁচনি খনক কাৰ্বি আংলঙত যথেষ্ট গুৰুত্ব সহকাৰে লোৱা হ’ব৷ এই উদ্দেশ্য লৈ দেওবাৰে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামৰ আৰটুকেকাঙত ট্ৰেক্টৰ প্ৰদৰ্শনীৰ আয়োজন কৰে কাৰ্বি আংলঙৰ কৃষি বিভাগে৷
প্ৰদৰ্শনীত পাৱাৰ ট্ৰেক, এ চি ই, প্ৰীত, সোনালিকা, মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, মেছি ফাৰগুশ্বন, স্বৰাজ, নিউ হলেণ্ড আদি কোম্পানীয়ে ভিন্ন মূল্যৰ আৰু ভিন্ন নমুনাৰ ট্ৰেক্টৰ কৃষকৰ মাজত প্ৰদৰ্শন কৰে৷ পশ্চিম কাৰ্বি আংলঙৰ মুঠ ৯ টাকৈ পৰিষদীয় সমষ্টিৰ কৃষক উপস্থিত থকা প্ৰদৰ্শনীত মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷