ভূৱনেশ্বৰঃ সময় তেতিয়া সন্ধিয়া ৭ বাজিছিল। ঝক ঝক শব্দৰে ডুলি ডুলি গৈ থকা ৰে’লখনৰ জোকাৰণিৰ সৈতে নিজৰ ভাৰসাম্য ৰক্ষা কৰি সেই সময়ত শুবলৈ যো-জা কৰিছিল ৰে’লখনৰ একাংশ যাত্ৰী। নিৰ্ধাৰিত সময়মতেই গৈ থকা ৰে’লখনে কেতিয়া গন্তব্যস্থালত উপনীত তাৰ বাবেই অপেক্ষাৰত আছিল যাত্ৰী। ৰে’লৰ ডবাৰ পৰা মাজে মাজে ভাঁহি আহিছিল তিঁয়হ, পানী বটল, কেঁচা বুট, লুচি-ভাত আদি খাদ্য বিক্ৰী সৰু বেপাৰীবোৰৰ আঁহহীন স্পষ্ট কণ্ঠস্বৰ।
হঠাৎ এটি বিকট শব্দ। শব্দ শুনি নিদ্ৰাৰত চকুবোৰ মেল খোৱাৰ পূৰ্বেই ৰেলপথৰ পৰা উফৰি পৰা ডবাৰ চেপাত বাঢ়িবলৈ আৰম্ভ কৰে আৰ্তনাদ। ধ্বংসস্তূপৰ মাজত জীৱন-মৃত্যুৰ চিৎকাৰে ভয়াৱহ কৰি তোলে পৰিৱেশটো।