বঙাইগাঁওঃ দ্বিতীয় দিনাও ৰে'ল অৱৰোধ কাৰ্যসূচীৰে উত্তাল হ'ল নামনি অসম। জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ছটাকৈ জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চ জনগোষ্ঠীয় ঐক্যমঞ্চই আজি আহ্বান জনোৱা ৰে'ল অৱৰোধ কাৰ্যসূচীৰ অংশমৰ্মে জনগোষ্ঠীয় ঐক্যমঞ্চৰ অংশীদাৰ হিতেশ্বৰ বৰ্মন নেতৃত্বাধীন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ই জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত বঙাইগাঁও জিলাৰ চাপৰাকাটা ৰে'ল ষ্টেচনত ৰে'ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

পুৱা ৭ বজাৰ পৰা আক্ৰাছুৰ পাঁচ শতাধিক কৰ্মীয়ে ৰে'লপথত অৱস্থান কৰে। অৱৰোধকাৰীসকলে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত শ্ল'গান দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মিছলীয়াও আখ্যা দিয়ে।

অৱৰোধস্থলীত আক্ৰাছুৰ উপদেষ্টা অতুল ৰায়, সভাপতি হিতেশ্বৰ বৰ্মন, সাধাৰণ সম্পাদক ত্ৰৈলোক্য ৰায়ৰ লগতে ভালেকেইগৰাকী কোচ ৰাজবংশীৰ নেতা উপস্থিত থাকে। অৱশ্যে ৰাজ্যৰ শেহতীয়া জটিল বান পৰিস্থিতি তথা বানপীড়িতৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ১০-৪৫ মান বজাত অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে। সেয়া হ'লেও চৰকাৰে অতি শীঘ্ৰে দাবী মানি নললে অনাগত দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে আক্ৰাছুৰ কেন্দ্ৰীয় নেতৃত্বই।

ইফালে আজিৰ এই ৰে'ল অৱৰোধৰ ফলত কেইবাখনো ৰে'লৰ চলাচলত ব্যাঘাত জন্মে। উত্তৰ-পূব সীমান্ত ৰে'লৱেই কেইবাখনো ৰে'ল বিভিন্ন ষ্টেচনত নিয়ন্ত্ৰণ কৰিবলগীয়া হয়। জানিব পৰা মতে নামনিমুৱা ৰাজধানী এক্সপ্ৰেছ বঙাইগাঁৱৰ পাতিলাদহা ৰে'ল ষ্টেচনত নিয়ন্ত্ৰণ কৰাৰ বিপৰীতে ডিব্ৰুগড়গামী উজনিমুৱা ৰাজধানী এক্সপ্ৰেছখন গোৱালপাৰা হৈ চলাচলৰ ব্যৱস্থা কৰে। ব'হাগী পেছেঞ্জাৰখন বৰপেটা ষ্টেচনত নিয়ন্ত্ৰণ কৰে।