বঙাইগাঁওঃ দ্বিতীয় দিনাও ৰে’ল অৱৰোধ কাৰ্যসূচীৰে উত্তাল হ’ল নামনি অসম। জনজাতিকৰণৰ দাবীত ৰাজ্যৰ ছটাকৈ জনগোষ্ঠীয় সংগঠনৰ যৌথ মঞ্চ জনগোষ্ঠীয় ঐক্যমঞ্চই আজি আহ্বান জনোৱা ৰে’ল অৱৰোধ কাৰ্যসূচীৰ অংশমৰ্মে জনগোষ্ঠীয় ঐক্যমঞ্চৰ অংশীদাৰ হিতেশ্বৰ বৰ্মন নেতৃত্বাধীন সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা(আক্ৰাছু)ই জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত বঙাইগাঁও জিলাৰ চাপৰাকাটা ৰে’ল ষ্টেচনত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
পুৱা ৭ বজাৰ পৰা আক্ৰাছুৰ পাঁচ শতাধিক কৰ্মীয়ে ৰে’লপথত অৱস্থান কৰে। অৱৰোধকাৰীসকলে ৰাজ্যৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ ৰাজ্য গঠনৰ দাবীত শ্ল’গান দিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মিছলীয়াও আখ্যা দিয়ে।