কোকৰাঝাৰঃ অসমৰ জনজাতিসকলক শীঘ্ৰে জনজাতিকৰণ কৰা , অাদিৱাসী বিদ্ৰোহী সংগঠনসমুহৰ দাবীসমুহ ৰাজনৈতিক অালোচনাৰ জৰিয়তে সমাধান কৰা , উচ্ছেদিত অাদিৱাসী লোকসকলকক ভূমি আৱণ্টন প্ৰদান কৰি পুণৰসংস্থাপন কৰা আৰু আদিৱাসী চাহ শ্ৰমিকক ভূমি পট্টা প্ৰদান কৰাৰ দাবীত অাজি আদিৱাসী জাতীয় অভিবৰ্তনৰ চমুকৈ এএনচিৰ উদ্যোগত কোকৰাঝাৰত ৰেলপথ অৱৰোধ কাৰ্যসূচী পালন কৰা হয় । ৰাতিপুৱা ৬ বজাৰ পৰা দুপৰীয়া ১২:৩০ বজালৈ ৰেলপথ অৱৰোধৰ ফলত কেবাখনো ৰে’লৰ যাত্ৰা বাতিল হোৱাৰ লগতে বিভিন্ন ষ্টেচনে ষ্টেচনে ৰেলসমুহ ৰখাই থোৱাত ৰেলযাত্ৰীসকলৰ বিলাই-বিপত্তিৰ সীমা নোহোৱা আৰু উত্তৰ-পুৱ সীমান্ত ৰেলৱেত এক হাহাকাৰময় অৱস্থাৰ সৃষ্টি হয়।
যুদ্ধবিৰতৰ সদস্যসকল মাওবাদীৰ প্ৰতি আকৃষ্ট হ’লে আৰু চীনে তাৰ সুযোগ ললে জুই জ্বলিব অসমত : দূৰ্গা হাসদা