মোৰাঝাৰঃ উত্তৰ-পূব সীমান্তৰ ৰে’ল বিভাগত কোটি কোটি টকা ব্যয়ৰে চলি আছে বহু কাম। এই কাম লাভ কৰা ঠিকাদাৰে কিমান নিয়মমাফিক কৰি আছে কামবোৰ তাকে লৈ বিভিন্ন সময়ত উত্থাপন হৈ বহু প্ৰশ্নৰ। তাৰ মাজতে হোজাইত দেখা গ’ল ঠিকাদাৰ মইমতালি। হোজাইৰপৰা লামডিংলৈ দ্বৈত ৰে’লপথৰ কাম অব্যাহত আছে।
হাৱাইপুৰলৈকে ৰে’ল পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱাত একেসময়তে দ্বৈত ৰে’লপথৰে ৰে’লৰ চলাচল আৰম্ভ হৈছে যদিও বাকী অংশত কাম তীব্রগতিত চলি আছে। উল্লেখযোগ্য যে, হোজাই ৰে’ল ষ্টেচনৰপৰা নিৰ্মাণ হোৱা ৰে’ল পথ আৰু নতুন ৰূপত ষ্টেচন নিৰ্মান, ৰে’ল কৰ্মচাৰীৰ আবাসগৃহ আদি সকলো কাম তেজপুৰৰ ঠিকাদাৰ বাবুল নাথৰ নেতৃত্বত হৈ আছে বুলি এক সূত্ৰত প্ৰকাশ। সেইমতে কামৰ তদাৰকৰ বাবে বিভাগৰ ফালৰ পৰাও নিয়োগ কৰিছে বালা উপাধিৰ অভিযন্তাক। কিন্তু অভিযন্তা আৰু ঠিকাদাৰে কামত ব্যাপক অনিয়ম সংঘটিত কৰাৰ অভিযোগ তুলিছে ৰাইজে।