নগাঁওঃ ৰেল সুৰক্ষাৰ নামত শ-শ নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ পিছতো চলন্ত ৰেলত দুৰ্বৃত্তই সংঘটিত কৰি গৈছে ইটোৰ পিছত সিটো কাণ্ড৷ মাথো কিছুদন পূৰ্বে ৰঙিয়াত এগৰাকী যাত্ৰাক চলন্ত ৰেলত সকলো লুটি পুটি নিয়াৰ পিছতে এইবাৰ যাত্ৰীক ৰে’লৰ ভিতৰতে নিচাজাতীয় দ্ৰব্য সেৱন কৰাই দুৰ্বৃত্তই লুটি নিলে সকলো।
নগাঁৱৰ শিলঘাট অভিমুখী ৰাজ্যৰাণী এক্সপ্ৰেছত সংঘটিত হৈছে এই ঘটনা। দুটি শিশু, দুগৰাকী মহিলাসহ ছয়গৰাকী লোকক সংজ্ঞাহীন কৰি দুৰ্বৃত্তই চলাই লুটপাত। গোলোকগঞ্জৰ পৰা নগাঁও অভিমুখে আহি থকা ৰে’লযাত্ৰী কেইবাগৰাকীক চলাই এই লুটপাত।