তিনিচুকীয়াঃ শিশুসকল ফুলৰ দৰে কোমল, যিমানে ভালদৰে পৰিচৰ্যা কৰিবা সিমানে সুগন্ধি বিয়পাব৷ কিন্তু তাৰ পৰিৱৰ্তে শিশুক বহু মাক-দেউতাকে নিজৰ অপূৰ্ণ সপোনবোৰ অনাহকত জাপি দি তেওঁলোকৰ কুমলীয়া জীৱন প্ৰায় ধ্বংস কৰিছে৷ যাৰ ফলত শিশুটিয়ে অভিভাৱকৰ অজানিতে মানসিক বাধাগ্ৰস্ততাত ভোগে, যি সম্প্ৰতি এক ব্যাধিত পৰিণত হৈছে৷
এনে শিশুৰ সমস্যাৰাজি চিনাক্ত কৰি আৰু তাক কেতবোৰ কৌশল প্ৰয়োগৰ দ্বাৰা সমাধান কৰি উলিয়াবৰ নিমিত্তে সৰ্বশিক্ষা অভিযান মিছন তিনিচুকীয়াৰ উদ্যোগত আৰু তিনিচুকীয়া অসামৰিক চিকিৎসালয়ৰ মানসিক চিকিৎসা বিভাগত তত্ত্বাৱধানত সোমবাৰে চিকিৎসালয়খনত জিলাখনৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ১০০ জন শিক্ষকক ‘প্ৰাথমিক বিদ্যালয়ত কৈশোৰৰ মানসিক সমস্যা’ শীৰ্ষক এক প্ৰশিক্ষণৰ আয়োজন কৰা হয়৷