62
খাৰুপেটীয়াঃ দৰং জিলা প্ৰশাসনৰ উদ্যোগত দৰং আৰু ওদালগুৰি জিলাৰ পৰা যাবলগীয়া হজ যাত্ৰীসকলক দুদিনীয়াকৈ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে৷ মঙলদৈৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত দেওবাৰৰ পৰা অনুষ্ঠিত হয় প্ৰশিক্ষণ শিবিৰ।
প্ৰশিক্ষণ শিবিৰ মুকলি কৰে মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে। মুকলি অনুষ্ঠানত ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু দৰং জিলা উপায়ুক্ত অশোক কুমাৰ বর্মন উপস্থিত থাকে৷