দিল্লীঃ মাহত চাৰিবাৰ এটিএমেৰে টকা উলিওৱাৰ পিছত ১৫০ টকাকৈ শুল্ক আদায় দিব লাগিব গ্ৰাহকে। এই নতুন নিয়ম প্ৰযোজ্য হ’ব সঞ্চয়ী খাতা আৰু দৰমহাৰ খাতাৰ ক্ষেত্ৰত। নতুন নিয়মৰ এই চাকুৰ্লাৰ জাৰী কৰিছে দেশখনৰ ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বেংক এইচডিএফচি বেংকে।

প্ৰথম চাৰিবাৰৰ কেশ্ব উইড্ৰৱেলৰ পিছত প্ৰতিবাৰত ৫ টকাকৈ কটা যাব বুলি আইচিআইচিআই বেংকৰ ৱেবচাইটত উল্লেখ কৰা হৈছে। অৱশ্যে ১৫০ টকাৰ সীমা অতিক্ৰম নকৰে এই শুল্কই।

এক্সিছ বেংকেও এই একেধৰণৰ নীতি গ্ৰহণ কৰিছে বৃহস্পতিবাৰৰপৰা। নগদ ধনৰ লেনদেন হ্ৰাস কৰি ডিজিটেল ভাৰতৰ পৰিকল্পনাত উৎসাহ যোগোৱাৰ উদ্দেশ্যেই এই বেংকসমূহে এই পদক্ষেপ লোৱা বুলি অনুমান কৰা হৈছে।