Home ৰাজ্যবিন্নাকান্দিৰ খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাক বদলি কৰাত উৎফুল্লিত ৰাইজ

বিন্নাকান্দিৰ খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাক বদলি কৰাত উৎফুল্লিত ৰাইজ

by News Desk
64 views
A+A-
Reset

মোৰাঝাৰঃ বিভিন্ন দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাক অৱশেষত এক নিৰ্দেশযোগে চৰকাৰে বিন্নাকান্দি উন্নয়ন খণ্ডৰ পৰা বদলি কৰে৷ হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ অন্তৰ্গত বিন্নাকান্দি উন্নয়ন খণ্ডৰ বহু দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপিত হৈ অহা খণ্ড উন্নয়ন বিষয়া নৰেন ডেকাক যোৱা ৪ জানুৱাৰীত এন জে পি ১৩১৬/পি/২০১৫/১৬/৯৭ নং নিৰ্দেশ যোগে চৰকাৰে বদলি কৰে৷

যাৰ ফলত যমুনামুখ সমষ্টিৰ দুৰ্নীতিগ্ৰস্থ একাংশ পঞ্চায়ত প্ৰতিনিধিৰ মাজত হাহাকাৰ লগা বুলি জানিব পৰা গৈছে৷ আনহাতে চৰকাৰৰ এই পদক্ষেপক দল-সংগঠনে আদৰণী জনাইছে৷ একাংশ ৰাজনৈতিক নেতাৰ সৈতে থকা সু-সম্পৰ্ক থকাৰ সুবাদতে বিন্নাকান্দি উন্নয়ন খণ্ডৰ চকী খনত পুণৰ বহিবলৈ বহু চেষ্টা কৰা বুলি জানিব পৰা যায় যদিও সফল হোৱা দেখা নাযায়৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধিনৰ পঞ্চায়ত প্ৰতিনিধিসকলেওঁ নৰেন ডেকাক খণ্ড উন্নয়ণ বিষয়া হিচাপে ৰাখিবলৈ চেষ্টা কৰিছিল যদিও সকলো চেষ্টা বিফল হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0