newsnextone.com | ডিব্ৰুগড়ঃ জনসাধাৰণে দীৰ্ঘ সময়ে ধৰি উত্থাপন কৰি অহা দাবী পূৰণ কৰিলে চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি তথা উজনিৰ অন্যতম বাণিজ্যিক ঠাই চাবুৱাত এটা কোষাগাৰ নথকাত ৰাইজে সমস্যাত পৰি আহিছিল। দীৰ্ঘ দিনেই দাবী উত্থাপন কৰি অহা হৈছিল যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছিল ৰাইজে। পূৰ্বৰ চৰকাৰে পূৰণ কৰিব পৰা নাছিল ৰাইজৰ দাবী। বৰ্তমানৰ চৰকাৰে চাবুৱাৰ ৰাইজৰ এই দাবী পূৰণ কৰিলে।
ডিব্ৰুগড় জিলাৰ চাবুৱাৰ ৰাইজৰ কোষাগাৰৰ অভাৱ পূৰণ কৰিলে বিধায়ক বিনোদ হাজৰিকাই। ডিব্ৰুগড় জিলাৰৰ সদৰৰ কোষাগাৰলৈ কামৰ বাবে যাব লগা হৈছিল যদিও চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ প্ৰচেষ্টাত কোষাগাৰ স্থাপন হয় চাবুৱাত।