যোধপুৰঃ ৰাজস্থানৰ যোধপুৰৰ হাৰিয়ধানা গাঁৱত দেওবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা৷ গছ কটাৰ প্ৰতিবাদ কৰাৰ বাবেই ললিতা নামৰ ২৮ বছৰীয়া যুৱতীগৰাকীক জীৱন্তে জলাই দিয়ে দুৰ্বৃত্তই৷

সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ খেতি পথাৰৰ গছ কটাকলৈয়ে সংঘটিত হয় এই দুৰ্ঘটনা৷ উক্ত দুষ্কৰ্মত প্ৰায় ১০ জন লোক জড়িত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ গাঁৱৰ গাঁওবুঢ়া ৰণৱীৰ সিঙো এই ঘটনাত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে৷ 

ঘটনাৰ পিছতেই ললিতাক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসালয়তে মৃত্যু হয় ললিতাৰ৷ যুৱতীগৰাকীৰ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ পিছত পৰিয়ালক দিয়া হয়৷ আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰিছে৷

সোমবাৰে পুৱাৰ পৰা গাওঁবাসীয়ে উক্ত ঘটনাৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে আৰু অভিযুক্ত কেইগৰাকীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰিছে৷ ললিতাৰ ভাতৃয়ে জনোৱা অনুসৰি ললিতাই পথ নিৰ্মাণৰ কামত গছ-গছনি কটা কাৰ্যৰ প্ৰতিবাদ কৰিছিল৷ এই প্ৰতিবাদৰ বাবেই প্ৰাণ হেৰুৱাবলগা হয় ললিতাই।