62
যোধপুৰঃ ৰাজস্থানৰ যোধপুৰৰ হাৰিয়ধানা গাঁৱত দেওবাৰে সংঘটিত হয় এক মৰ্মান্তিক ঘটনা৷ গছ কটাৰ প্ৰতিবাদ কৰাৰ বাবেই ললিতা নামৰ ২৮ বছৰীয়া যুৱতীগৰাকীক জীৱন্তে জলাই দিয়ে দুৰ্বৃত্তই৷
সূত্ৰ অনুসৰি যুৱতীগৰাকীৰ খেতি পথাৰৰ গছ কটাকলৈয়ে সংঘটিত হয় এই দুৰ্ঘটনা৷ উক্ত দুষ্কৰ্মত প্ৰায় ১০ জন লোক জড়িত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷ গাঁৱৰ গাঁওবুঢ়া ৰণৱীৰ সিঙো এই ঘটনাত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে গাওঁবাসীয়ে৷