60
ৰঙিয়া: অতিমাত্ৰা গৰমৰ বাবে জ্বলা-কলা খাইছে ৰাজ্যবাসীয়ে। চহৰলৈ আহিলে জিৰণি লোৱাৰ বাবে নাই অকণো ঠাই। চহৰখনৰ মাজমজিয়াত কমিছে গছ গছনি।
বৰ্তমান সময়ত এনে এটা পৰিৱেশে দেখা দিছে ৰঙিয়া চহৰত। তেনে সময়তে ৰঙিয়া বন সংমণ্ডলে এক শলাগ ল’বলগীয়া প্ৰচেষ্টা গ্ৰহণ কৰি বুৰঞ্জী প্ৰসিদ্ধ চহৰখনত কৃষ্ণচূড়া গছৰ পুলি ৰোপণ কৰাৰ পদক্ষেপ হাতত লৈছে।