Home ৰাজ্যজনজাতিকৰণৰ প্ৰতিশ্ৰুতি নাপাহৰিবলৈ চৰকাৰক আহ্বান জনগোষ্ঠীয় সংগঠনৰ

জনজাতিকৰণৰ প্ৰতিশ্ৰুতি নাপাহৰিবলৈ চৰকাৰক আহ্বান জনগোষ্ঠীয় সংগঠনৰ

by News Desk
A+A-
Reset
10522a28-0565-471f-b54c-dcdaa800ef7e

গুৱাহাটীঃ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা হ’ব বুলি দিয়া প্ৰতিশ্ৰুতি নাপাহৰিবলৈ বিজেপি চৰকাৰক সকীয়াই দিছে জনগোষ্ঠীয় সংগঠনকেইটাৰ শীৰ্ষ নেতৃত্বই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সভাপতিত্বত বুধবাৰে অনুষ্ঠিত বৈঠকত অংশগ্ৰহণ কৰাৰ পিছতে এই মন্তব্য কৰিছে জনগোষ্ঠীয় সংগঠনকেইটাৰ শীৰ্ষ নেতৃত্বই।  বাজেট সংক্ৰান্তীয় উক্ত বৈঠক সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাটাও জনগোষ্ঠীৰ প্ৰতিনিধিয়ে।

বুধবাৰৰ বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালে সংগঠনকেইটাৰ প্ৰতিনিধিবৰ্গক আশ্বাস প্ৰদান কৰে যে ৰাজ্য চৰকাৰে শাসনভাৰ লোৱাৰ পাছৰে পৰাই বাজেটত জনসাধাৰণৰ আশা-আকাংক্ষা প্ৰতিফলিত কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰি আহিছে৷ বৈঠকত ছয় জনগোষ্ঠীৰ প্ৰতিনিধিয়ে আগবঢ়োৱা পৰামৰ্শ আৰু মতামতসমূহ ৰাজ্য চৰকাৰে বাজেটত সন্নিৱিষ্ট কৰাৰ প্ৰয়াস কৰিব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ সমান্তৰালভাৱে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো বাজেট অধিৱেশনত জনজাতিকৰণ প্ৰসংগই ঠাই পাব বুলিও মন্তব্য কৰে। অৱশ্যে সংগঠনকেইটাৰ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে তেওঁলোকৰ বাবে মূল ইছ্যু জনজাতিকৰণহে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0