নগাঁওঃ “অসম আৰু অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে মাটিৰ মূল্য আমি বুজিব লাগিব৷ মাটিৰ মূল্যাংকন বা অধিকাৰৰ বিষয়ে আমি সঠিকভাৱে অনুধাৱন কৰিব নোৱাৰাত বিদেশীয়ে সুবিধা ল’বলৈ আগবাঢ়ি আহিছে৷ প্ৰকৃততে আমি বুজিব লাগিব যে,মাটি থাকিলেহে জাটি এটা বৰ্তি থাকিব৷ সেয়ে স্ব-জাতিৰ বাদে আমি আন কাকো মাটি বিক্ৰী কৰিব নালাগে।”-এই মন্তব্য কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰী ৰাজেন গোঁহাইৰ ৷
নগাঁও জিলাৰ কাছমাৰীৰ পলাশতলত দুদিনীয়াকৈ আয়োজিত নগাঁও জিলা ট্ৰাইবেল সংঘৰ ৩০তম সাধাৰণ অধিৱেশনৰ অন্তিম দিনা অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহন কৰি মন্ত্ৰী গোঁহাইয়ে লগতে বিগত অগপ চৰকাৰৰ আমোলত চৰাঞ্চলত জধে-মধে ভূমি আৱন্টন দিয়াৰ দৰে হঠকাৰী সিদ্ধান্তই বৰ্তমান সময়ত ৰাজ্যখনলৈ ভয়াৱহ বিপদ মাতি আনিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়৷