বঢ়মপুৰঃ বিশিষ্ট সাংবাদিক, সমাজকৰ্মী নগাঁৱৰ আমোলাপট্টিৰ নিবাসী বলেন বৰাৰ মৃত্যুত আজিও শোকস্তব্ধ হৈ আছে নগাঁও৷ নগাঁৱৰ আমোলাপট্টিৰ নিজ গৃহত মৃত্যুক আকোৱালি লোৱা ‘দৈনিক অসম’ বাতৰি কাকতৰ সাংবাদিক তথা নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত “কলংপাৰ”ৰ সম্পাদক বৰাৰ স্মৃতিত বুধবাৰে বঢ়মপুৰ প্ৰেছ ক্লাৱৰ উৰিয়াগাঁৱস্থিত অস্থায়ী কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়৷
বঢ়মপুৰ প্ৰেছ ক্লাৱৰ সম্পাদক জয়ন্ত বৰাই আঁতধৰা স্মৃতিচাৰণ সভাখনত সাংবাদিক জিতু শৰ্মা, নীলৰঞ্জন শৰ্মা, নিপুল বৰা, যতীন্দ্ৰ কুমাৰ শইকীয়া, বৰুণজ্যোতি নেওগ, দিব্যজ্যোতি ভূঞা, নয়ন মনি বৰা, ৰতন বৰা, হিমাংশু বৰা আৰু অজয় পাটৰ হোকাইৰ উপৰিও যথেষ্ট সংখ্যক সাংবাদিক উপস্থিত থাকে৷