76
ডিজিটেল ডেস্কঃ ‘আকালৰ চোতাল। শস্যৰ পথাৰ উদং। কিশোৰৰ হেৰাল স্বপ্ন স্বাধীনতা। গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত। মূলত কি বিহ? উছন গ’ল গাঁও। নষ্ট নগৰ। মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ। পাপ মুদ্ৰাৰ পয়োভৰ। হে সময়। গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা।’
সাম্প্ৰতিক দু:সময়। নি:স্ব আৰু নিদ্ৰাহীন মানুহবোৰ আথাউনিত। হীৰু নামৰ কবি এজন আছিল এই দেশত, বেফিকিৰ, বহেমিয়ান।