ডিজিটেল ডেস্কঃ ‘আকালৰ চোতাল। শস্যৰ পথাৰ উদং। কিশোৰৰ হেৰাল স্বপ্ন স্বাধীনতা। গৰ্ভৱতী নাৰী নিদ্ৰাত নিহত। মূলত কি বিহ? উছন গ’ল গাঁও। নষ্ট নগৰ। মৃত্যুৰ মলিন ছাঁত অশ্লীল বণিজ। পাপ মুদ্ৰাৰ পয়োভৰ। হে সময়। গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা।’
সাম্প্ৰতিক দু:সময়। নি:স্ব আৰু নিদ্ৰাহীন মানুহবোৰ আথাউনিত। হীৰু নামৰ কবি এজন আছিল এই দেশত, বেফিকিৰ, বহেমিয়ান।
এটা অজুহাত পালেই তেওঁ মানুহৰ তেনেই নিকটত। মানুহ তেওঁৰ পৰম প্ৰিয় বিষয়। নি:সৰ্গ তেওঁৰ অমল শব্দৰ উৎসৱ। সেয়ে, হীৰু নামৰ কবিজন কাললৈ আছে এই দেশত, তেওঁ আছে বাবেই এই দেশৰ নি:স্ব মানুহে আজি কবিতাৰে উদযাপন কৰিছে তেওঁৰেই সত্বাক।
প্ৰিয় কবি হীৰেন ভট্টাচাৰ্যৰ আজি মৃত্যু দিন হেতু ৰাজ্যৰ ভিন্ন প্ৰান্তত কবিৰ প্ৰিয় মানুহে কবিক স্মৰণ কৰে গভীৰ আত্মীয়তা আৰু শ্ৰদ্ধাৰে।
এই স্মৰণকালত কবি হীৰুৰ কবিতাৰেই কবি হীৰু উদ্ভাসিত আৰু ‘সুগন্ধি পখিলা’হেন চঞ্চল-উচ্ছল। সেই শীৰ্ণ পখিলাৰ প্ৰগলভ চেতনাই কৈছে- হে সময়। গৰ্জি উঠা, নিয়োজিত কৰা সৰ্বোত্তম প্ৰতিভা…
(হীৰুদাৰ পঞ্চম মৃত্যু বাৰ্ষিকীত News Next Oneৰ একাঁজলি শ্ৰদ্ধাঞ্জলি...)