আগৰতলাঃ newsnextone.comৰ সাংবাদিক চুমন দেৱনাথে জনোৱা মতে ইয়াৰ পূৰ্বে কেতিয়াও এনেদৰে মানুহ ভোট দিবলৈ লাইনত থিয় হোৱা দেখা ৰেকৰ্ড নাই৷ প্ৰায় ৪.৩০ বজাত ভোটদান পক্ৰিয়া সমাপ্ত হৈ যায়? কিন্তু সকলো ৰেকৰ্ড ভংগ কৰি এন্ধাৰ হোৱাৰ পিছতো মানুহে ঘৰ মুৱা নহৈ লাইনত ভোট দিবলৈ ৰৈ থাকে৷

বহু মহিলা আৰু যুৱতীও ভোট দিবলৈ বৰ্তমানেও লাইনত থিয় আছে৷ আবেলি ৪ বজালৈ ৭৪ শতাংশ লোকে ভোটদান কৰে ত্ৰিপুৰাত৷ ত্ৰিপুৰা নিৰ্বাচন আয়োগে এই কখা ঘোষণা কৰাৰ লগতে ভোটদানৰ সময় বৃদ্ধি কৰা বুলিও জানিব পৰা যায়৷

সন্ধিয়ালৈ বহু লোকে ভোটদান কৰিবলৈ লাইনত থিয় দি থকা দেখা যায়৷ ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচন আয়ুক্ত শ্ৰীৰাম তৰণীকান্তিয়ে বহু কেন্দ্ৰত ৫ বজাৰ পিছতো ভোট দিবলৈ মানুহ থিয় হৈ থকা দেখা যায়৷ লাইনত থকা লোকসকলক ভোট দান কৰিব দিয়া হ’ব বুলি কয়৷ বৰ্তমানেও কব পৰা হোৱা নাই সৰ্বমুঠ কিমান শতাংশ ভোটদান হৈছে৷