ত্ৰিপুৰাঃ সাংবাদিকৰ হত্যাকাণ্ডই উত্তাল কৰি ৰখা ত্ৰিপুৰাত এইবাৰ চাৰিগৰাকীকৈ বেংক কৰ্মচাৰীক দুৰ্বৃত্তই অপহৰণ কৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ দল-সংগঠন তথা বিৰোধি বিজেপি আৰু কংগ্ৰেছে মুখ্যমন্ত্ৰী মানিক চৰকাৰক পদত্যাগ দাবী কৰি থকাৰ সময়তে বেংক কৰ্মচাৰীৰ অপহৰণৰ ঘটনাই উত্তেজনাৰ সৃষ্টি কৰিছে৷ ত্ৰিপুৰা গ্ৰামিণ বিকাশ বেংকৰ চাৰিজন কৰ্মচাৰিক দুদিন পূৰ্বে অপহৰণ কৰা হৈছিল৷
বৰ্তমানলৈ আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ সেয়ে বেংকটোৰ কৰ্মচাৰী সকলে আৰক্ষীৰ অকৰ্মণ্যতাত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বেংক বন্ধ ৰাখে৷ যেতিয়ালৈকে তেওঁলোকৰ সহকৰ্মীক অপহৰণকাৰীৰ পৰা উদ্ধাৰ নকৰে তথা দুৰ্বৃত্তক আটক নকৰে তেতিয়ালৈ বেংক বন্ধ থাকিব বুলি কয় বেংক কৰ্তৃপক্ষই৷ অৰ্থাৎ বন্ধ থাকিব বেংক৷ বেংক বন্ধ থকাত সমস্যাৰ সন্মুখিন হৈছে তেলিয়ামুৰা বাসিন্দা তথা জনসাধাৰণ৷