আগৰতলাঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ এতিয়া তুংগত। যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিছে সিমানেই নিৰ্বাচনৰ গৰম বতাহ বলিছে ত্ৰিপুৰাৰ আকাশত৷ ৰাজ্যখনৰ প্ৰতিটো প্ৰান্তৰ লোকেই এতিয়া নিৰ্বাচনক লৈ ব্যস্ত৷ পছন্দৰ পাৰ্টি আৰু প্ৰাৰ্থীৰ বিষয়ে চৰ্চা কৰাৰ লগতে ৰাজনৈতিক দল সমূহৰ মাজতো চলি আছে তৰ্ক যুদ্ধ৷
ৰাজ্যখনত নিৰ্বাচনী বতাহ প্ৰৱল হ’ব ধৰাৰ সময়তে চৰ্চালৈ আহিছে বিজেপি নেতৃত্বাধীন নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্স চমুকৈ নেডাৰ প্ৰসংগ৷ ত্ৰিপুৰাৰ নিৰ্বাচনত নৰ্থ-ইষ্ট ডেমক্ৰেটিক এলায়েন্সে বিশেষ ভূমিকা পালন কৰিব বুলি ভবা হৈছিল যদিও অৱশেষত বিজেপিয়ে অকলে নিৰ্বাচনত আগবঢ়া পৰিলক্ষিত হৈছে৷ অহা ১৮ ফেব্ৰুৱাৰীত ত্ৰিপুৰা বিধান সভা নিৰ্বাচনৰ ভোট দান অনুষ্ঠিত হ’ব আৰু ফলাফল ৩ মাৰ্চত ঘোষণা কৰা হ’ব৷