42
কাছাৰঃ অৱশেষত উদ্ধাৰ হ’ল অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক শুভদীপ চৌধুৰীৰ সন্ধানহীন কন্যা তৃষা ৰয় চৌধুৰী। শনিবাৰে চুবুৰীয়া মেঘালয়ৰ ক্লিয়েহৰিয়াটৰ পৰা শিশুটিক উদ্ধাৰ কৰা হয়।
এজন লোকে দিয়া খবৰৰ ভিত্তিত ADGP মুকেশ আগৰৱালাৰ নেতৃত্বত অভিযান চলাই অসম আৰক্ষীৰ এটা দলে শিশুটিক উদ্ধাৰ কৰে। চুলি কাটিবলৈ নিয়া অৱস্থাত উদ্ধাৰ কৰা হয় কণমাণিটিক।