খেৰণিঃ আমাক সুৰক্ষা দিবলৈ কোনো নাই৷ আমাৰ খবৰ লবলৈ কোনো নাই৷ আমি মৰি মৰি জীয়াই আছো৷ নিশা হলেই একাংশ লোকে এতিয়া আৰ্তনাদ কৰিব লগা হৈছে জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবে৷ নিশা মানেই যেন তেওলোকৰ বাবে আতংক৷
নিশা হ’লেই জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ চিন্তাই ব্যতিব্যস্ত কৰে প্ৰতিগৰাকী লোকক৷ মানুহ খিনিয়ে যিটো পৰিস্থিতিত জীয়াই তেনে প্ৰতিচ্ছবি নিজ চকুৰে নেদেখিলে অনুভৱ কৰিব নোৱাৰি৷ দৰিদ্ৰ, শ্ৰমিক খাতিখোৱা জনগোষ্ঠীয় থলুৱা লোকৰ প্ৰতিদিনে গৃহহাৰা হৈছে৷ যোৱা ২০ দিনৰ ভিতৰত প্ৰায় ১০০ ঘৰ লোক গৃহহাৰা হৈছে৷