আমগুৰিঃ ৰাজ্যৰ হাজাৰ হাজাৰ কৃষকৰ খেতি পথাৰ বানে ধুই নিয়ে৷ কঠিয়া, নকৈ ৰোৱা ভূঁই বানৰ পানীয়ে নষ্ট কৰাত মূৰে কপালে হাত দিব লগা হয় কৃষকে৷ বানৰ পানী শুকুওৱাৰ পাছত পুনৰ কঠিয়া পাৰি পথাৰ চহাই খেতিয়কসকলে অতি কষ্টৰে ভূূঁই ৰুইছিল যদিও পুনৰ কৃষকক মাধমাৰ শোধাইছে পোকে৷
ৰাজ্যৰ বিভিন্ন ঠাইত শুৰ পোকে খেতি পথাৰ নষ্ট কৰাৰ লগতে চৰহা পোকে কৃষি পথাৰ নষ্ট কৰিবলৈ আৰম্ভ কৰিছে৷ ধানখেতিত চৰহা পোক নামৰ কাঁইটীয়া গুৱৰুৱা জাতীয় মাৰাত্মক কীটৰ উপদ্ৰৱৰ ফলত ৰাজ্যখনত বছৰ বছৰ ধৰি কৃষিৰ উৎপাদন কমি আহিছে৷ চৰহা পোকে সাধাৰণতে কঠিয়া নতুবা কোমল ধানৰ পাতত আক্ৰমণ কৰে৷