মুছলপুৰঃ ২০১৫ চনৰ ফেব্ৰুৱাৰীত বি টি এডি কৰ্তৃপক্ষই বিটিএডিৰ ষষ্ঠ অনুসূচিত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক ৮০০০ হাজাৰ টকা মাহিলি দৰমহাৰ চুক্তিত ৬ মাহৰ বাবে শিক্ষক পদত নিয়ুক্তি প্ৰদান কৰিছিল। চাকৰিৰ ম্যাদ উকলি যোৱাৰ পিছত প্ৰতি ছয়মাহৰ মূৰে মূৰে পুনৰ ম্যাদ বৃদ্ধি কৰি অহা কৰ্তৃপক্ষই শিক্ষকসকলক প্ৰায় ২৫ মাহৰ দৰমহা আদায় দিয়া নাই৷
মাহৰ পাছত মাহ কাম কৰাৰ বিনিময়ত মাত্ৰ ৭ মাহৰ দৰমহাহে প্ৰদান কৰে বিটিএডি কৰ্তৃপক্ষই। কৰ্মজীৱনৰ অনিশ্চয়তাৰ মাজত এতিয়া দিন কটাবলগীয়া হৈছে বিটিএডিৰ প্ৰায় ১৭০০ ঠিকাভিত্তিত টেট শিক্ষক-শিক্ষয়িত্রীয়ে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচি কৰ্তৃপক্ষৰ অবহেলাৰ বাবে আজি বে-ৰোজগাৰত ভুগিছে একাংশ শিক্ষক৷