গোলকগঞ্জঃ বিলৰ চাৰি পাৰৰ মাজত থকা মাছবোৰ স্বাধীন হ’ল৷ এতিয়া গৰাকীৰ জালত পৰি ধৰফৰাব নালাগে বৰুনডাঙা বিলৰ মাছে৷ প্ৰায় ২০০০ বিঘাৰ ৰাজ্যৰ ভিতৰতে অন্যতম বিল খনৰ মাছ বানাৰ পানীত মিহলি হৈ গ’ল৷ যাৰ বাবে মূৰে-কপালে হাত দিছে মহলদাৰে৷
অসম বংগ সীমান্তৰ ধুবুৰীৰ বৰুনডাঙা বিলৰ কেইবালাখ টকাৰ মাছ বানৰ পানীত ওলাই যোৱাত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে মহলদাৰসকল। গংগাধৰ নৈৰ বাঢ়নী পানীয়ে ধুবুৰী জিলাৰ তামাৰহাটৰ বৰুনডাঙা বিলৰ লাখ লাখ টকাৰ মাছ ওলাই যোৱাত মূৰে-কপালে হাত দিছে বিল খনৰ মহলদাৰসকলে।