মাজুলীঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সমষ্টিত কান্দিছে কৃষকে৷ শ শ কৃষকে এটুপি খোৱা পানী, এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিব লগা হৈছে কৃষকে৷ বানৰ সময়ত চাউল, দাইল ছটিয়াই দায়িত্ব সামৰা এই সকল কৃষকৰ খবৰ ল’বলৈ আহৰি নাই চৰকাৰ কিম্বা বিধায়ক সৰ্বানন্দ সোণোৱালৰ৷
মাজুলীৰ সদৰৰ পৰা প্ৰায় বিশ কিঃ মিঃ নিলগৰ কৰতিপাৰ বাঘগাঁও অঞ্চল। প্ৰায় ৩১খন গাঁৱৰ কৰতিপাৰ গাঁও পঞ্চায়তৰ বানপানীত সৰ্বশ্ৰান্ত হোৱা উখলচুক, মাজ চাপৰি, বাঘগাঁও, চামগুৰি, সাৰআটী, চেৰেপাইখোৱা, ১ নং মিছামৰা, ২নং মিছামৰা, ৩নং মিছামৰা আদি গাঁৱত এতিয়া মৰিশালিৰ নীৰৱতাই বিৰাজ কৰিছে।