মোৰাঝাৰঃ এখন ঠেলাত ত্ৰিপাল বান্ধি দুগৰাকী যুৱকে ঠেলাখন টানি নিছে৷ বোকা পানীৰ পথটোৰে যুৱক দুজনে দৌৰা-দৌৰিকৈ ঠেলা খন টানি নিয়াত একাংশ লোক আচৰিত হৈছে৷ কিছু সময় পাছত উৰহীৰ ওলাল ওৰ৷ যুৱক দুজনে ঠেলাখনত ত্ৰিপাল বান্ধি পৰিয়ালৰ লোক এজনক চিকিৎসালয়লৈ নিছে৷
গাঁৱৰ বোকা পানীৰ বাটত এম্বুলেঞ্চ আহিব নোৱাৰাৰ বাবে তেওঁলোকে চিকিৎসালয়ত ঠেলাৰে নিব লগা হ’ল পৰিয়ালৰ লোকজনক৷ ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্বাস্থ্য বিভাগৰ পুনৰ এখন লজ্জাজনক প্ৰতিচ্ছবি পোহৰলৈ আহিল এইদৰে।