64
গোলকগঞ্জঃ বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে ৰাজ্যত প্ৰায় ৪৪ গৰাকী লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱাৰ পাছতো যেন গা লৰা নাই বিভাগটোৰ৷
বিভিন্ন ঠাইত বিদ্যুৎ পৰিবাহী তাঁৰ সৰি পৰি মানুহে অকালতে প্ৰাণ দিবলগীয়া হোৱাৰ সময়তে ধুবুৰী জিলাৰ গোলকগঞ্জ বিদ্যুত উপ সংমণ্ডলৰ অন্তৰ্গত বৰুনডাঙা গাঁও পঞ্চায়তৰ বৰুনডাঙা আৰু বিছনদৈ গাঁৱত বিদ্যুতৰ তাঁৰ দোলা দি তললৈ নামি অহাত শংকিত হৈ পৰিছে ৰাইজ৷