বাৰপুজীয়াঃ শুকুৰবাৰে মৰিগাঁও চহৰৰ বিদ্যুৎ সংমণ্ডলৰ অভিযোগ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিদ্যুৎৰ আহ-যাহত অতিষ্ঠ লোকে বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবীত উত্তপ্ত পৰিস্থিতৰ সৃষ্টি কৰে৷

সাধাৰন ৰাইজে অভিযোগ কেন্দ্ৰটো ঘেৰাও কৰি বিশেষ এলেকাত বিদ্যুৎ সেৱা অব্যাহত ৰখাৰ লগতে একাংশ অঞ্চলত বিদ্যুৎ সঘনাই কৰ্তন কৰাৰ কাৰণ কি তাক লৈ প্ৰশ্ন উত্থাপন কৰে৷ যাৰ ফলত ক্ষোভিত হৈ প্ৰতিবাদ কৰিবলৈ ওলাই আহে কাৰ্যালয়লৈ৷ বিদ্যুৎ সেৱা নিয়মীয়া কৰাৰ দাবী জনাবলৈ আহি ক্ষোভিত হৈ পৰে ৰাইজ৷