বঢ়মপুৰঃ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে নগাঁও জিলাৰ চামগুৰিৰ লৰিৰমুখৰ ৰাইজ৷ বিষয়া-কৰ্মচাৰীৰ সৈতে গোপন মিতিৰালি থকাৰ অভিযোগ কৰি সেই লোকসকলে লৰিৰমুখৰ বিদ্যুৎ তাৰ খুলি অনাৰ অভিযোগ উত্থাপন কৰে৷ আনহাতে, নতুন সংযোগ লোৱাৰ নামত একাংশ বিষয়াই ৫০০০ টকা পৰ্যন্ত অতিৰিক্ত ধন বিচৰাৰ অভিযোগ উত্থাপন কৰে লৰিৰমুখৰ ৰাইজে।
লৰিৰমুখৰ ৰাইজে জানিবলৈ দিয়া মতে বৃহত্তৰ অঞ্চলটোৰ গ্ৰাহকৰ সমস্যাক চুড়ান্ত অৱমাননা কৰি চামগুৰিস্থিত বিদ্যুৎ বিভাগৰ উপ-সংমণ্ডলত বিষয়া কৰ্মচাৰীয়ে কোনো কাৰণ নোহোৱাকৈয়ে প্ৰায়ে বিদ্যুতৰ কাৰ্যালয়টোত উপস্থিত নাথাকে বুলি কয়।