মহুৰামুখঃ পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দি চৰকাৰ আহে আৰু যায়৷ চৰকাৰৰ সলনি হোৱাৰ লগ লগে মন্ত্ৰী-বিধায়কসকলো সলনি হয়৷ প্ৰত্যেকখন চৰকাৰৰ দিনতেই শাসনৰ গাদী দখল কৰিবলৈ নিৰ্বাচনৰ পূৰ্বে পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিবোৰো প্ৰতিশ্ৰুতি হৈয়ে ৰয়৷ ৰাজ্যত এতিয়া সমস্যাৰ অন্ত নাই৷  উজনিৰ পৰা নামনিলৈকে বিশুদ্ধ খোৱাপানী, বানপানী-গৰাখহনীয়াৰ সমস্যা, শোচনীয় যাতায়ত ব্যৱস্থা, মূল্যবৃদ্ধিৰ সমস্যা আদিয়ে কেঁকুৰাই চেপাদি চেপিছে শোষিত-বঞ্চিত সাধাৰণ জনতাক৷ শাসনৰ গাদীত থকা চৰকাৰখনে জলন্ত সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰতি দিছিল কিন্তু সময় যোৱাৰ লগে লগে সকলোবোৰ প্ৰতিশ্ৰুতি এতিয়া ফোটোকাৰ ফেনত পৰিণত হ’ল৷

কোনো এটা বিভাগে গ্ৰাম্য এলেকাৰ কল্যাণৰ বাবে কাম কৰা দেখা নাযায়৷ প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰখনৰ সকলো বিভাগতে এতিয়া উন্নয়নৰ নামত চলি আহিছে ভেঁকোভাওনা৷ সাধাৰণজনতাক পুতলা সজাই কাণ ঘোলা কৰা প্ৰতিশ্ৰুতিৰে হয়তো আকৌ সাজু হৈছে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে৷ সমষ্টিয়ে সমষ্টিয়ে এতিয়া ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে পঞ্চায়ত নিৰ্বাচনত জয়ী হোৱাৰ ৰণনীতি চলাই পুনৰ সাধাৰণলোকসকলৰ ওচৰ চাপিব৷ কিন্তু উন্নয়ণৰ নামত চৌদিশে এতিয়া অৰাজকতা৷ ৰাজ্য চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰাৰ বোকাখাত সমষ্টিত এতিয়া চৰম অচলাৱস্থা৷

শোচনীয় বাটপথে জুৰুলা কৰিছে মন্ত্ৰীগৰাকীৰ সমষ্টি মহুৰামুখৰ উত্তৰ অঞ্চলৰ দিচৈবাসী ৰাইজক৷ বিপদসংকূল দলঙেৰে দৈনিক সহস্ৰাধিক লোকে পাৰ হ’ব লগা হৈছে দিচৈ সুঁতি৷ বিদ্যালয়-মহাবিদ্যালয় বেংক বজাৰ-সমাৰকে আদি কৰি সকলো ক্ষেত্ৰলৈ আহ-যাহ কৰিবৰ বাবে যাতায়তৰ একমাত্ৰ সম্বল বাঁহৰ দলং খনৰ জৰাজীৰ্ণ অৱস্থাই বিপদ মাতি আনিছে মহুৰামুখলৈ৷ অঞ্চলবাসীৰ ৰাইজে শ্ৰমদানেৰে নিৰ্মাণ কৰি লোৱা দলং সমূহো জহি-খহি যোৱাৰ বাবে সুঁতিৰ দুয়োপাৰৰ মানুহে অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছে যাতায়তৰ ক্ষেত্ৰত৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ বিভাগীয় মন্ত্ৰী এগৰাকী সমষ্টিটোত থকা সত্বেও সমস্যাসমূহ সমাধান কৰিব নোৱাৰাৰ বাবে ৰাইজে বহু সময়ত ক্ষোভিত হৈ পকী দলং নিৰ্মাণৰ কাৰণে দাবী জনায় আহিছে যদিও গড়কাপ্তানি বিভাগে বৰ্তমানলৈও কোনো গুৰুত্ব প্ৰদান কৰা নাই৷ মহুৰামুখবাসীয়ে পৰিবৰ্তনৰ শ্ল’গান দি শাসনৰ গাদী দখল কৰা চৰকাৰক দলঙৰ দুৰৱস্থা পৰ্যৱেক্ষণ কৰি শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। আনহাতে মন্ত্ৰীগৰাকীৰ সমষ্টিত এনে বহু দলং থকাৰ পিছতো গুৰুত্ব আৰোপ কৰা নাই৷ নিৰ্বাচন পাৰ হোৱাৰ পিছত আজিলৈ মহুৰামুখলৈ অহা নাই বুলি অভিযোগ উত্থাপন হৈছে৷