দেৰগাঁওঃ পৰিবৰ্তনৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদীলৈ অহা বিজেপি, অগপ আৰু বিপিএফে এতিয়া পৰিবৰ্তনৰ বিপৰীতে খোৱা-কামোৰাৰ ৰাজনীতিত হে ব্যস্ত থকা দেখা গৈছে। নিৰ্বাচনৰ সময়ত বৰ বৰ কথা কোৱা নেতাসকল এতিয়া একো একো গৰাকী ভিআইপিত পৰিণত হৈছে। ভিআইপিত পৰিণত হোৱা নেতাসকলে এতিয়া সকলো পাহৰি গ’ল। নিজৰ নিজৰ সমষ্টিৰ উন্নয়ণৰ কথা পাহৰি গ’ল। বাট-পথ, দলং উন্নয়ণৰ কথাও পাহৰি গ’ল তেওলোকে।
চৰকাৰ খনৰ দুটা বছৰ পাৰ হ’ল যদিও আজিও গ্ৰাম্য অঞ্চলৰ বাট-পথৰ উন্নয়ণত গুৰুত্ব প্ৰদান নকৰিলে চৰকাৰ খনে। কেৱল চমক সৃষ্টিৰ বাবে কাম কৰা চৰকাৰ খনে গাঁৱৰ মানুহৰ কল্যাণৰ বাবে আহৰি নোপোৱা হ’ল। এনে অলেখ প্ৰশ্ন উত্থাপন কৰিছে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্র অঞ্চলৰ লোকে। চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চলটোৰ লোকে এতিয়া হাহকাৰ কৰিব লগা হৈছে৷ যাৰ ফলত এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ আৰম্ভ কৰিছে ৰাইজে৷