71
নগাঁও টাউনঃ যিকোনো মুহূৰ্তত নৈত খহি পৰিব পাৰে এখন দলং৷ ৰাষ্ট্ৰীয় ঘাইপথত নৈৰ ওপৰত থকা দলং এখন বছৰ বছৰ ধৰি মেৰামতি নকৰাৰ ফলত ক’ৰবাত ফাঁট মেলিছে, কৰবাত ওলাই গৈছে ৰড, আন ক’ৰবাত খহি পৰিছে খুঁটা।
বিপদসংকুলভাৱে এই দলংখনেৰে প্ৰতিদিনে সৰু-বৰ হাজাৰ হাজাৰ গাড়ী আহ-যাহ কৰে৷ উজনি আৰু নামনি অসমক সংযোগ কৰাত বিশেষ ভূমিকা পালন কৰা এই কংক্ৰিটৰ দলংখন আছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত।