পাভৈঃ ভোট দিয়াৰ বিনিময়ত কি লাগে ভোটাৰক৷ ভোটাৰে বিছাৰে বাট-পথৰ উন্নয়ন হওক, বিশুদ্ধ খোৱাপানী যোগান ধৰক, শিক্ষা খণ্ডৰ উন্নয়ন হওক, স্বাস্থ্য খণ্ডৰ উন্নয়ন হওক৷ কিন্তু তেনে হয় জানো৷ সাধাৰণ লোকৰ বহুমূলীয়া ভোট লৈ ৰাইজৰ সমস্যাৰ পৰা মূৰ পোলোকা মাৰি থকা জনপ্ৰতিনিধিয়ে ২০১৪ বৰ্ষতে বানে উটুৱাই নিয়া এটা কালভাৰ্ট আজিও দেখা নাপালে৷
তিনিটা বছৰে নিৰ্মাণ নকৰাত ক্ষোভত জ্বলিছে শ শ লোক৷ বিশ্বনাথৰ বৰপথাৰ জিলা পৰিষদৰ অন্তৰ্গত ধুলি গাঁও পঞ্চায়তৰ ধুলি কুঁহিয়াৰবাৰী-মৰাদিৰিং সংযোগী পথটো বৰ্তমান সম্পূৰ্ণ যাতায়ত ব্যাহত হৈ পৰিছে। উল্লেখযোগ্য যে যোৱা ২০১৪ চনৰ বাঢ়নী পানীয়ে পথটোৰ ওপৰত থকা একমাত্র কালভাৰ্টটো উটুৱাই নিয়াত আজিকোপতি কালভাৰ্টটো নিৰ্মাণ নকৰিলে চৰকাৰে।