newsnextone.com | গোৰেশ্বৰঃ গো ৰক্ষাৰ নামত একাংশ লোকে বাৰে বাৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ গৰুক ৰক্ষাৰ বাবে একাংশ লোকে লাঠি, জোং লৈ ৰাজপথত পহৰা দিয়ে৷ পহৰা দিয়াতেই ক্ষান্ত নাথাকি গো ৰক্ষাৰ নামত মানুহক হত্যা পৰ্য্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে এইসকল লোকে৷ অসমতো দেখিবলৈ পোৱা যায় এনে দুস্কৃতি।

কিন্তু এন লোকে সঁচাকৈ গো ৰক্ষা কৰিব বিচাৰেনে? দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ অসমতো ৰাজপথৰ দাঁতিত বহু গৰু অনাই-বনাই ঘুৰি ফুৰা দেখা যায়৷ প্লাষ্টিক ভক্ষণ কৰি একাংশ গৰু ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ গো ৰক্ষাৰ নাত হিংসা বিয়পোৱাতকৈ এনে গৰু সমূহক প্ৰতিপাল কৰিলে প্ৰকৃততে গৰু ৰক্ষা পৰিল হেতেন৷ ৰাজপথৰ শুই থকা, থিয় দি থকা গৰুৱে বিভিন্ন সময়ত মানুহক বিপদত পেলায়৷ দুৰ্ঘটনা পৰ্যন্ত সংঘটিত হয়৷ 

তেনেই এক পৰিৱেশৰ সৃষ্টি হৈছে বাক্সা জিলাৰ বাণিজ্যিক চহৰ গোৰেশ্বৰত৷ ৰাজপথত গো ৰক্ষাৰ বাবে যেনেদৰে দলে-বলে যুৱকসকল ওলাই আহে যুৱকসকলে প্ৰকৃততে আগ্ৰহী হয়নে গো ৰক্ষাৰ বাবে।

জোঁটৰ সৃষ্টি হোৱা বাক্সা জিলাৰ গোৰেশ্বৰ চহৰৰ ৰাজপথত ঘৰচীয়া জীৱ জন্তুৰ বিচৰণৰ ফলত পথচাৰীৰ লগতে যান বাহনৰ আহ-যাহত অসুবিধাৰ সন্মুখীন হৈছে। সন্ধিয়া হোৱা লগে লগে জাক জাক গাই-গৰুৱে পথৰ বিভিন্ন স্থানত অৱস্থান কৰে। এইবোৰৰ বেছিভাগেই ঘৰচীয়া জন্তু যদিও ঘৰলৈ নিবলৈ খবৰ নাথাকে গৰাকীৰ।

ইয়াৰ ফলত সন্ধিয়া যান জোঁটৰ সৃষ্টি হোৱাৰ লগতে গোটেই নিশা পথতে শুই থকাত মল-মূত্ৰ আদি আবৰ্জনাৰে ভৰি পৰে ৰাজপথ। এইবোৰৰ বিহিত ব্যৱস্থা কোনে ল'ব তাৰ হ'লে উত্তৰ নাই। গোৰেশ্বৰ টাউন সমিতিয়ে এইবোৰৰ ব্যৱস্থা ল'ব লাগে বুলি সচেতনমহলে মত প্ৰকাশ কৰিছে। প্ৰয়োজনত গৰাকী থকা জীৱ জন্তুক নিৰ্দিষ্ট স্থানত জৰিমনা বিহি ৰখাৰ ব্যৱস্থা কৰিব লাগে বুলি মত প্ৰকাশ প্ৰকাশ কৰিছে।