newsnextone.com | গোৰেশ্বৰঃ গো ৰক্ষাৰ নামত একাংশ লোকে বাৰে বাৰে হিংসাত্মক ঘটনা সংঘটিত হৈছে৷ গৰুক ৰক্ষাৰ বাবে একাংশ লোকে লাঠি, জোং লৈ ৰাজপথত পহৰা দিয়ে৷ পহৰা দিয়াতেই ক্ষান্ত নাথাকি গো ৰক্ষাৰ নামত মানুহক হত্যা পৰ্য্যন্ত কৰিবলৈ কুণ্ঠাবোধ নকৰে এইসকল লোকে৷ অসমতো দেখিবলৈ পোৱা যায় এনে দুস্কৃতি।
কিন্তু এন লোকে সঁচাকৈ গো ৰক্ষা কৰিব বিচাৰেনে? দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আমাৰ অসমতো ৰাজপথৰ দাঁতিত বহু গৰু অনাই-বনাই ঘুৰি ফুৰা দেখা যায়৷ প্লাষ্টিক ভক্ষণ কৰি একাংশ গৰু ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে৷ গো ৰক্ষাৰ নাত হিংসা বিয়পোৱাতকৈ এনে গৰু সমূহক প্ৰতিপাল কৰিলে প্ৰকৃততে গৰু ৰক্ষা পৰিল হেতেন৷ ৰাজপথৰ শুই থকা, থিয় দি থকা গৰুৱে বিভিন্ন সময়ত মানুহক বিপদত পেলায়৷ দুৰ্ঘটনা পৰ্যন্ত সংঘটিত হয়৷