লংকাঃ আপোনাৰ এলেকাত বিদ্যুৎ বিভাগৰ তাঁৰ, খুঁটা, ট্ৰেন্সফৰ্মাৰ আদিৰ কিবা কৰিলগীয়া কাম আছে নেকিয যদি আছে টকা হাতত মজুত ৰাখক। বিদ্যুৎ বিভাগৰ লোকে আপোনাক কাম কৰি দিব টকা লৈ৷ হয়, এই কথা আমাৰ নহয়৷ এই কথা ব্যক্ত কৰিছে হোজাই জিলাৰ লংকাৰ ৮নং মাজ উদালী অঞ্চলৰ লোকে৷
কিয়নো অঞ্চলটোৰ লোকে কিছু কাম কৰি দিবলৈ বিদ্যুৎ বিভাগক অনুৰোধ কৰিছিল৷ তাৰ বিনিময়ত বিদ্যুৎ বিভাগৰ লোকে বিছাৰিছিল ৪৮,৪৯৭ টকা৷ ৰাজ্যবাসীয়ে এতিয়া উগ্ৰপন্থীক ভয় নকৰিলেও ভয় কৰে পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগক৷ দায়িত্বজ্ঞানহীন পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগে ৰাজ্যৰ চুকে-কোণে মানুহৰ প্ৰাণ লৈছে৷