মুকালমুৱাঃ সংখ্যালঘু সংগঠন আমছুৱে নিৰ্মাণ কৰা তোৰণৰ বেনাৰ-পোষ্টাৰ ফালি পেলোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে নলবাৰী জিলাৰ মুকালমুৱাত৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৱে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ লাৰকুছিত এখন বিশাল সমাবেশ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলায়৷
সংগঠনটোৰ নলবাৰী জিলা সমিতিয়ে যোৱা কেবাদিন ধৰি সমাবেশৰ বাবে ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ জিলা খনৰ বিভিন্ন প্ৰান্তৰ পৰা অংশ গ্ৰহণ কৰিব লগা লোকক তথা কেন্দ্ৰীয় নেতাসকলক আদৰিবলৈ তোৰণ নিৰ্মাণ কৰে৷ সংগঠনটোৱে মুকালমুৱাৰ মূলপথত নিৰ্মাণ কৰা তোৰণখনত আৰি দিয়া বেনাৰ-পোষ্টাৰসমূহ ফালি পথাৰত দলিয়াই দিয়ে৷