57
কোকৰাঝাৰঃ অখিল হিন্দীভাষী বিকাশ পৰিষদৰ দুই গোটৰ মাজত চলি থকা দীৰ্ঘদিনীয়া বাকবিতণ্ডাই তীব্ৰ ৰূপ ধাৰন কৰিছে৷ হিন্দীভাষী লোকৰ উন্নয়নৰ হকে মাত মতাৰ উদ্দেশ্যে গঠন হোৱা অখিল হিন্দীভাষী বিকাশ পৰিষদৰ ভিতৰচৰাৰ এনে বাকবিতণ্ডাক সম্প্ৰদায়টোৰ সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে৷
একমাত্ৰ পদবীৰ লোভতে পূৰ্বৰ সমিতিখন থকা সত্বেও দিলীপ শেঠীয়া আৰু সঞ্জয় তিৱাৰীয়ে পুনৰ আন এখন কেন্দ্ৰীয় পৰিষদ গঠন কৰি জিলা ভিত্তিত সমিতি গঠন কৰাত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷